সাংসদ ৰকিবুলক আক্ৰমণ, সংখ্যালঘু সংগ্ৰাম পৰিষদ-আমছুৰ তীব্ৰ গৰিহণা

সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু আমছুৱে৷ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নেতা মোছাব্বিৰ আলী আহমেদে ২৪ ঘণ্টাৰ ভিতৰত আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি নিদিলে আন্দোলনৰ হুংকাৰ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে ৰকিবুল হুছেইনৰ দেহৰক্ষী বঢ়াই দিলেই নহ’ব, আক্ৰমণ কৰা ব্যক্তিক কঠোৰ শাস্তি দিয়াৰ দাবী নেতাগৰাকীৰ৷ ৰাজনৈতিক ভাৱে মতানৈক্য থকিব পাৰে কিন্তু এজন জনপ্ৰতিনিধিক এনেদৰে আক্ৰমণ কৰা ঘটনাক তীব্ৰ নিন্দা কৰি নগাঁও আৰক্ষী অধীক্ষকৰ ভূমিকাক লৈ সন্দেহ ব্যক্ত কৰে মোছাব্বিৰ আলী আহমেদে৷ আমছুৰ মুখ্য সাংগঠনিক সম্পাদক ছাহিদুল ইছলামে কয় যে আইন শৃংখলা আজি কোন দিশত৷ এজন নিৰ্বাচিত সাংসদৰেই নিৰাপত্তা নাই৷ তেনে স্থলত সাধাৰণ জনতাৰ নিৰাপত্তা ক’ত বুলি কটাক্ষ কৰে। মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা বৃদ্ধি কৰিম বুলি কোৱা মন্তব্যক কটাক্ষ কৰি ছাহিদুলে কয় যে এখন কমিটি গঠন কৰি তদন্ত ক্ৰমে আক্ৰমণকাৰীক চিনাক্ত কৰি ব্যৱস্থা লোৱা হওক। ৰাজনৈতিক আদৰ্শৰ মতানৈক্য থাকিব পাৰে, ৰাজনৈতিক বাবে কোনোবাই ভাল পাব কোনোবাই বেয়া পাব সেয়া ৰাইজে বিচাৰ কৰিব বুলি কয়৷

  • Related Posts

    কংগ্ৰেছৰ চৰকাৰৰ এশদিনৰ ভিতৰত মৃদুল ইছলামৰ পত্নীক দিয়া হ’ব চৰকাৰী চাকৰি

    শাসনৰ গাদী খামুছি ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মৃত মানুহৰ আত্মাকো শান্তি নিদিয়ে৷ ড০ শৰ্মাই তেওঁক ৰাজনৈকিভাৱে সংস্থাপিত কৰা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক শেহতীয়াকৈ এপিএছচিৰ কেলেংকাৰীত জড়িত কৰি আসুৰিক…

    দুই অভিযুক্তক গ্ৰেপ্তাৰ, গুৱাহাটীৰ নৃশংস সঞ্জীৱ নাথ হত্যাকাণ্ড

    ১৯ জানুৱাৰীৰ নিশা প্ৰথমে পল্টনবজাৰৰ এটা এপাৰ্টমেণ্টত, তাৰ পিছত বিলপাৰলৈ নি দুই বন্ধুৱে হত্যাৰ প্ৰয়াস কৰি বৰ্বৰভাৱে প্ৰহাৰৰ বলি হৈ ৫টা দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকি ২১ জানুৱাৰীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…