স্বাধীনতা দিৱস উদযাপনৰ মাজতে ৰাজ্যজুৰি বোমাতংক! ৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন আলফা স্বাধীনৰ

স্বাধীনতা দিৱসৰ উদযাপনৰ মাজতে ৰাজ্যজুৰি বোমাতংক।

ৰাজ্যৰ ১৯ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা স্বাধীনৰ।

ৰাজ্যৰ ভিন্ন স্থানত বোমা সংস্থাপনৰ বিষয়ে ইমেইল যোগে অৱগত কৰিলে আলফা স্বাধীনে।

এই বোমা নিষ্ক্ৰিয় কৰাৰ বাবে সহযোগিতা আহ্বান জনাইছে নিষিদ্ধ সংগঠনটোৱে।

শিৱসাগৰৰ ডি টি অ’ অফিচৰ এখন পৰিত্যক্ত পুৰণি গাড়ীত আছে বোমা।

শিৱসাগৰৰ বি জি ৰোড অ এন জি চিৰ ৫নং গেট পাৰ হৈ পথৰ কাষত থকা এখন পুৰণি এম্বুলেন্সত সংস্থাপিত কৰা হৈছো বোমা।

লাকুৱা তিনিআলিৰ থানাৰ সমীপতো সংস্থাপিত বোমা।

অসম ৰাজ্যিক পৰিবহণ নিগম ডিব্ৰুগড়ৰ এখন পুৰণি বাছত আছে বোমা।

লখিমপুৰ আৰক্ষী অধীক্ষকৰ কাষৰ পেৰেড গ্ৰাউণ্ডত থকা এন এইচ পি চিৰ এখন গাড়ীত সংস্থাপিত বোমা।

বোমা সংস্থাপন কৰা হৈছে আই বিৰ সমীপৰ লালুক দৈনিক বজাৰতো।

বৰঘাট আৰক্ষী চকীৰ সমীপত গছ-লতাৰে আৱৰি থকা এখন পুৰণি গাড়ীত।

নগাঁও মেডিকেল কলেজলৈ যোৱা পথত আদিত্য হাস্পতাল পোৱাৰ পূৰ্বে ইটা ভাটাৰ সমীপত মাটিত পুতি থোৱা আছে বোমা।

দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনতো পুতি থোৱা আছে বোমা

গান্ধী মণ্ডপলৈ উঠা পথটোৰ বাওফালে থকা ট্ৰেন্সফৰ্মাৰ বাকচৰ ভিতৰতো আছে বোমা।

নাৰেংগী আৰ্মী কেম্পলৈ যোৱা পথত পোৱা চি ডি এ গেটৰ সমীপত মাটিত পুতি থোৱা আছে বোমাটো।

পানবজাৰৰ ব্ৰহ্মপুত্ৰ উদ্যোগ পাৰ হৈ পোৱা ঘুমটি খনৰ তলত পুতি থোৱা আছে আন এটা বোমা।

বোমা আছে যোৰাবাট উৰণীয়া সেতুৰ সমীপতো।

ভেটাপাৰা, মালিগাঁও, ৰাজগড়তো বোমা পুতি ৰাখিছিল নিষিদ্ধ সংগঠনটোৱে।

নলবাৰীৰ পুৰণা মেডিকেললৈ সোমোৱা পথটোৰ সমীপত থকা এখন পুৰণা এম্বুলেন্সত সংস্থাপিত কৰা হৈছিল বোমা।

ৰঙিয়া-তামুলপুৰ পথৰ গোৰেশ্বৰ চ’কৰ এছ বি আই ৱেলকাম বোৰ্ডখন পাৰ হৈয়ে পোৱা প্ৰথম দোকানখনৰ কাষৰ খালী ঠাইখিনিত আছে বোমা।

 

 

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে