

সন্ত্ৰাসৰ অন্য এক নাম হৈছে স্মাৰ্ট মিটাৰ৷ বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰৰ বাবে যোগান ধৰা স্মাৰ্ট মিটাৰ অসম চৰকাৰে মানুহৰ ঘৰত লগাই লুটিব ধৰাৰ অভিযোগ উঠিছে৷ পূৰ্বে পোষ্টপেড মিটাৰত ৫০০ টকা বিল গ্ৰাহকে স্মাৰ্ট মিটাৰ লগোৱাৰ পাছতে ২০০০ টকা পৰ্যন্ত বিল ভৰিবলগীয়া হৈছে৷ যাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে৷ আজিও ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই আন্দোলন কৰে ডিব্ৰুগড়ত চৌকিডিঙিত৷ স্মাৰ্ট মিটাৰ নিষিদ্ধ কৰাৰ দাবীত ডিব্ৰুগড়ৰ ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই চহৰখনৰ চৌকিডিঙি জিৰণি চ’ৰাত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ শীঘ্ৰে স্মাৰ্ট মিটাৰ বাতিল কৰাৰ লগতে চহৰৰ মাজমজিয়াত থলুৱা বজাৰ নিৰ্মাণ কৰি থলুৱা নিৱনুৱাক সংস্থাপনৰ দিবলৈ দাবী জনায় ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই৷ দাবীসমূহ ৰাজ্য চৰকাৰে মানি ন’ললে পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত চৰকাৰক এসেকা দিয়া হ’ব বুলি হুংকাৰ দিয়ে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই৷