
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নিশ্চিত কৰিছে যে গাজাৰ হামাচ নেতা আৰু সংগঠনৰ সামৰিক শাখাৰ মুখ্য কাণ্ডাৰী মোহাম্মেদ চিনোৱাৰ নিহত হৈছে। ছাউথ গাজাৰ এখন লক্ষ্যভেদী ইজৰাইলী বায়ু আক্ৰমণত নিহত হয়৷ হামাচৰ বিৰুদ্ধে চলি থকা ইজৰাইলৰ অভিযানত এটা গুৰুত্বপূর্ণ মাইলখুঁটি হিচাপে গণ্য কৰা হৈছে। বুধবাৰে কেনেছেটৰ বৈঠকত বক্তৃতা দি নেতান্যাহুৱে কৈছিল যে আমাৰ বাহিনীয়ে মোহাম্মেদ চিনোৱাৰক সম্পূৰ্ণৰূপে অপসাৰণ কৰিছে৷ যি হামাচৰ পূৰ্বতন নেতা ইয়াহিয়া চিনোৱাৰৰ ভ্রাতা আছিল। উল্লেখযোগ্য যে, ইয়াহিয়াক ২০২৩ চনৰ অক্টোবৰ মাহত ইজৰাইলী বাহিনীয়ে হত্যা কৰিছিল। ইজৰাইলী সেনাই ১৩ মে’ তাৰিখে খান ইউনিছস্থিত ইউৰোপিয়ান হস্পিটেলৰ ওচৰৰ অঞ্চলটোত আক্ৰমণ চলাই হামাচৰ গোপন ভূগৰ্ভস্থ অবকাঠামো ধ্বংস কৰাৰ দাবী কৰিছিল।