

দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা নিৰ্বাচন আয়োগৰ।
শুকুৰবাৰে দিল্লীত অনুষ্ঠিত সংবাদমেলযোগে হাৰিয়ানা আৰু জম্ম-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে।
জম্মু-কাশ্মীৰৰ নিৰাপত্তাজনিত কাৰণত মহাৰাষ্ট্ৰ নিৰ্বাচনৰ সময়সূচী পিছত ঘোষণা কৰা হ’ব বুলি কয় দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তই।
আজি ঘোষণা কৰা অনুসৰি, তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব জম্মু-কাশ্মীৰৰ ভোটগ্ৰহণ।
১৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব কেন্দ্ৰীয় শাসিত প্ৰদেশখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ১ অক্টোবৰত অনুষ্ঠিত হ’ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।
৪ অক্টোবৰত ঘোষণা কৰা হ’ব জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।
আনহাতে হাৰিয়ানাৰ ৯০ খন আসনৰ বাবে ১ অক্টোবৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ, ৪ অক্টোবৰত ঘোষণা কৰা হ’ব ফলাফল।