হিমন্ত বিশ্ব শৰ্মাক যোগী আদিত্যনাথৰ চীনা সংস্কৰণ আখ্যা তেজস্বী যাদৱৰ, ক’লে…

হিমন্ত বিশ্ব শৰ্মা যোগী আদিত্যনাথৰ ‘চীনা সংস্কৰণ’- এইদৰে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰিছে বিহাৰৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী তথা আৰজেডিৰ নেতা তেজস্বী যাদৱে।

মিঞা বিতৰ্কই অসম ৰাজ্য আৰু ৰাজনীতি উত্তাল কৰি থকাৰ সময়তে তেজস্বী যাদৱে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সকিয়নী দি কয়, আমি থকালৈকে কোনো মাইকা লালে মুছলমান ভাইহঁতৰ অধিকাৰ কাঢ়ি নিব নোৱাৰিব। ইমানেই নহয় মুখ্যমন্ত্ৰী ডঃ শৰ্মাক উত্তৰ প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চীনা সংস্কৰণ বুলি কটাক্ষ কৰে তেজস্বী যাদৱে।

সস্তীয়া জনপ্ৰিয়তা লাভ কৰি “যোগীৰ চীনা সংস্কৰণ” হোৱাৰ প্ৰয়াসত অসমৰ মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে মুছলমানক হাৰাশাস্তিৰ লগতে আক্ৰমণ কৰি থাকে বুলি অভিযোগ কৰে তেজস্বীয়ে। তেওঁ কয়, ”বিজেপিয়ে মুছলমান ভাইসকলৰ বিৰুদ্ধে ঘৃণা বিয়পায়। প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু সমাজক মেৰুকৰণ কৰি মুছলমানক সহজ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰী শৰ্মাই।’’

তেওঁ লগতে কয় যে দেশৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত আৰ এছ এছৰ বাহিৰে সকলো ধৰ্মৰ মানুহৰে অৰিহণা আছে। আমাৰ মুছলমান ভাইসকলে দেশে স্বাধীনতা লাভ কৰাত ত্যাগ কৰিছে।

তেজস্বী যাদৱে অসম বিধানসভাৰ কাৰ্যবিধিৰ সময়ত নমাজৰ বাবে থকা ২ ঘণ্টীয়া বিৰতিৰ ব্যৱস্থা বাতিল কৰাত এইদৰে সমালোচনা মুখৰ হৈ পৰে।

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা