
যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত নিযুক্তি প্ৰদানৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গৌৰৱ গগৈক সভাপতি পদ প্ৰদান কৰি কংগ্ৰেছে প্ৰমাণ কৰিছে যে তেওঁলোক প্ৰ-পাকিস্তানী৷ এই নিযুক্তিয়ে তেওঁলোকৰ যে ভাৰতকৈ পাকিস্তানৰ সৈতে সম্পৰ্ক বেছি তাকে প্ৰমাণ কৰিছে৷ কংগ্ৰেছত ভূপেন কুমাৰ বৰা, হিমন্ত বিশ্ব শৰ্মাৰ দৰে সৰু ঘৰৰ পৰা অহা মানুহ যে ৰাজনীতি কৰিব নোৱাৰে সেই কথাটোকে আজিৰ নিযুক্তিয়ে প্ৰমাণ কৰিলে৷ কেইমাহমাহ পূৰ্বে আমি ভূপেন বৰা, দিলীপ শইকীয়াৰ সৈতে আমি একেলগে একেখন ফ্লাইটত গৈছিলো৷ দিলীপ শইকীয়া সাক্ষী আছিল৷ তেতিয়া মই ভূপেন বৰাক কৈছিলো তোমাক এপ্ৰিল-মে’ মাহত ভাঙি দিব৷ তাৰ পিছতে আজি মোক দিলীপ শইকীয়াই ফোন কৰিছে৷ দাদ এইকথা আপুনি কেনেকৈ জানিছিলে৷ তেওঁলোকে যেতিয়া দলেটাত ভাঙি যায় তেতিয়া আপোনাৰ মোৰ দৰে সাধাৰণ মানুহক ব্যৱহাৰ কৰিব৷ যেতিয়া নিৰ্বাচন আহিব৷ টিকট দিয়াৰ সময় হয় তেতিয়া নীলা তেজৰ মানুহক লগত লয়৷ ১০ ছেপ্টেম্বৰৰ পিছত গোটেই দলটোক লৈ গৌৰৱ গগৈ ডুবিব৷ আমাৰ কাৰণে বহু সহজ হ’ব৷