১০ লক্ষ টকা লুটি নিয়া অভিযুক্তক এনকাউণ্টাৰ! গুলীবিদ্ধ হামিদে জাঁপ দিছিল পাগলাদিয়াত

অসম আৰক্ষীৰ এনকাউণ্টাৰ বিৰুদ্ধে ন্যায়ালয় কঠোৰ হোৱাৰ সময়তে আজিও ৰাজ্যত অব্যাহত আছে এনকাউণ্টাৰ৷ এইবাৰ দুৰ্ধৰ্ষ ডকাইতক এনকাউণ্টাৰ কৰিছে ৰাজ্যৰ আৰক্ষীয়ে৷ নলবাৰী আৰক্ষীয়ে ডকাইতি কাণ্ডৰ অভিযুক্ত হামিদ আলীক এনকাউণ্টাৰ কৰা বুলি জানিব পৰা গৈছে৷

আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ হামিদক লক্ষ্য কৰি নিশা আৰক্ষীয়ে গুলী চলাবলগীয়া হৈছিল৷ মুকালমুৱা আৰক্ষীৰ জিম্মাত থকা হামিদ আলীক লৈ নিশা অভিযান চলোৱাৰ সময়তে আৰক্ষীৰ জিম্মাৰ পৰা হামিদে পলায়নৰ চেষ্টা কৰিছিল৷ যাৰ ফলত হামিদক কাবু কৰিবলৈ সোঁ ভৰিত গুলী কৰিবলগীয়া হয় বুলি আৰক্ষীয়ে দাবী কৰে। গুলীবিদ্ধ হৈ পাগলাদিয়া নৈত পৰি গৈছিল৷ পাছত আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে হামিদক। নলবাৰী আৰক্ষীৰ এজন উপ-পৰিদৰ্শক আৰু কনিষ্টবল আহত হোৱা বুলিও জানিব পৰা গৈছে৷

নলবাৰীৰ মুকালমুৱাত সংঘটিত এক ডকাইতি কাণ্ডৰ সৈতে জৰিত থকাৰ অভিযোগ আছিল হামিদৰ বিৰুদ্ধে৷ ১৯ জুলাইত মুকালমুৱাত জাকিৰ আলী নামৰ ব্যৱসায়ীৰ পৰা ১০ লাখ টকা লুটি নিছিল ডকাইতৰ দলে৷ ১৯ জুলাইৰ সন্ধিয়া জোতা-চেণ্ডেলৰ ব্যৱসায়ী জাকিৰ আলীক গুলীয়াই ১০ লাখ টকা লুটি নিয়া কাণ্ডত হামিদ জৰিত বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল। শনিবাৰে পুৱতি নিশা সুতাৰকুছিত হামিদক
গ্ৰেপ্তাৰ কৰিছিল নলবাৰী আৰক্ষীয়ে৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক