১৩ নৱেম্বৰত অসমৰ ৫ সমষ্টিত ভোট, এনডিএৰ ভাগ-বাটোৱাৰা চূড়ান্ত, অসমে ল’ব পৰা নাই সিদ্ধান্ত

ভাৰতৰ নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে আজি ঘোষণা কৰা অনুসৰি ৪৭টা বিধানসভা সমষ্টিৰ সৈতে অসমৰো ৫টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ অসমৰ পাঁচ সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ ভোটগণনা কৰা হ’ব ২৩ নৱেম্বৰত৷ সমষ্টি কেইটা হৈছে নামনিৰ ধলাই, চিদলী, বঙাইগাঁও, উত্তৰ অসমৰ বিহালী, মধ্য অসমৰ ছামগুৰি সমষ্টি৷ ১৮ অক্টোবৰত আনুষ্ঠানিকভাৱে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব৷ মনোনয়নপত্ৰ দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ৷ ২৮ অক্টোবৰত মনোনয়ন পৰীক্ষা কৰা হ’ব৷ মনোনয়ন প্ৰত্যাহাৰৰ শেষ তাৰিখ ৩০ অক্টোবৰ৷ ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব৷ ধলাই সমষ্টিৰ বিধায়ক পৰিমল শুক্লবৈদ্যই বিজেপিৰ টিকটত শিলচৰ সংসদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হোৱাত সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়৷ আনহাতে ছামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে ধুবুৰী সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়, বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী বৰপেটা লোকসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হয়, চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয় আৰু বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হয়৷ এই পাঁচগৰাকী বিধায়ক লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ সাংসদ নিৰ্বাচিত হৈ দিল্লীলৈ যোৱাত খালী এই ৫ সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শাসক বিজেপি আৰু বিৰোধী দলসমূহে সমষ্টি কেইটাত নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ বিজেপিৰ কেইবাজনো নেতাই সমষ্টি কেইটাই তীব্ৰ প্ৰচাৰ চলাই থকাৰ লগতে কংগ্ৰেছেও কম বেছি পৰিমাণে প্ৰচাৰ চলাই গৈছে৷ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ নেতাই ভাগে ভাগে সমষ্টি কেইটাত প্ৰচাৰ চলাই গৈছে৷ বিহালীত পীয়ুষ হাজৰিকা, ছামগুৰিত জিতু গোস্বামীৰ দৰে নেতাই প্ৰচাৰ চলাই গৈছে৷ ইপিনে বিজেপিয়ে চিদলী আৰু বঙাইগাঁও সমষ্টি সহযোগী অগপ আৰু ইউপিপিএল দলক এৰি দিছে৷ কিন্তু কংগ্ৰেছ নেতৃত্বধীন মিত্ৰজোঁট অসমে এই পৰ্যন্ত মিত্ৰতাত নিৰ্বাচনত খেলিব নে নাই তাকে লৈ সিদ্ধান্ত ল’ব পৰা নাই৷ ভূপেন বৰাই আজি এই বিষয়ত আলোচনা কৰি থকা বুলিহে মন্তব্য প্ৰদান কৰিছে৷ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে উল্লেখ কৰা মতে, ঝাৰখণ্ডত দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ ঘোষণা কৰে৷ মহাৰাষ্ট্ৰত ২০ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ ঘোষণা কৰে৷ দুই ৰাজ্যৰ সৈতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৪৭টা বিধানসভা সমষ্টি আৰু এটা লোকসভা সমষ্টিত একেলগে ২৩ নৱেম্বৰত ভোটগণনা কৰা হ’ব৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক