

যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতা হ’ব বুলি সংবাদ মাধ্যমৰ চৰ্চাৰ মাজতে গৌৰৱ গগৈৰ বিৰুদ্ধে ইটোৰ পিছত সিটো গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ছিংগাপুৰত উদ্যোগীক সাক্ষাৎ কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে গৌৰৱ গগৈক আক্ৰমণত ব্যস্ত থকা দেখা গৈছে৷ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কালবাৰ্ণ গগৈৰ জড়িয়তে গৌৰৱ গগৈক ৰাষ্ট্ৰদ্ৰোহী, ভাৰত বিৰোধী বুলি প্ৰমাণ কৰিবলৈ উঠি-পৰি লাগিছে বিজেপি৷ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কালবাৰ্ণে বিবাহৰ পূৰ্বে লণ্ডনস্থিত লীড নামৰ এটা স্বেচ্ছাসেৱী সংস্থাত কাম কৰিছিল৷ স্বেচ্ছাসেৱী সংস্থাটোত আছিল পাকিস্তানী পৰিৱেশবিদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে বাৰে বাৰে অভিযোগ উত্থাপন কৰি কৈ আহিছে যে পাকিস্তানৰ পৰিৱেশবিদগৰাকী আইএছআইৰ এজেণ্ট আৰু আইএছআই এজেণ্টৰ প্ৰজেক্টত কাম কৰিছিল এলিজাবেথ৷ ইমানে নহয় দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন কৰি গৌৰৱ গগৈক চিধাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে গগৈয়ে৷ নিৰ্বাচনলৈ প্ৰায় এটা বছৰ বাকী থকা অৱস্থাত এনেদৰে গৌৰৱ গগৈক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰা বিষয়টোৱে অসমৰ ৰাজনীতিত আকৰ্ষণীয় ৰূপ লৈছে৷ অসমৰ ৰাজনীতিক হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত মুখ্য ফেক্টৰ হৈ পৰা গৌৰৱ গগৈৰ কিন্তু এতিয়ালৈ নাম উল্লেখ কৰিবলৈ সাহস কৰা নাই হিমন্ত বিশ্ব শৰ্মাই৷ তাৰ মাজতে আজি পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ফটো শ্বেয়াৰ কৰি আক্ৰমণ কৰিছে৷ ফটোখনত গৌৰৱ গগৈক পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে দেখা যায়৷ ফটোখন শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল যে বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয়৷ ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায়েই প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে, আশাকৰো মাননীয় সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চৰ্তসমূহ সম্পূৰ্ণকৈ মানি চলিছিল৷ কিন্তু এই পৰ্যন্ত গৌৰৱ গগৈয়ে এই প্ৰশ্নৰ উত্তৰ দিয়া নাই৷ কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে উত্তৰ দিয়া দেখা গৈছে৷ ফটোখনত পাকিস্তানী উচ্চায়ুক্তগৰাকীৰ সৈতে সাংসদ গগৈক একেলগে বহি আলোচনা কৰা দেখা গৈছে৷ ঋতুপৰ্ণ কোঁৱৰে উল্লেখ কৰা মৰ্মে হিমন্ত বিশ্ব শৰ্মাই যিখন ফটো শ্বেয়াৰ কৰিছে সেই ফটোখন ২০১৫ চনৰ৷ তেতিয়া গৌৰৱ গগৈয়ে নতুনকৈ সাংসদ হৈছিল৷ এগৰাকী সাংসদ হিচাপে চৰকাৰৰ কাৰ্যপ্ৰণালীৰ অধীনত পাকিস্তানী উচ্চায়ুক্তৰ সৈতে বৈঠকত বহিছিল৷ তাৰ লগতে সাংসদ গৌৰৱ গগৈক পাকিস্তানী উচ্চায়ুক্তৰে সাঙুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত ধাৰণাসূলভ লিখনি লিখা বুলি অভিহিত কৰিছে ঋতুপৰ্ণ কোঁৱৰে৷ লগতে গৌৰৱ গগৈক ৰাষ্ট্ৰদ্ৰোহী সজাব বিচৰা কাৰ্যৰ উত্তৰ দি সাংসদ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেশপ্ৰেমৰ চাৰ্টিফিকেট প্ৰয়োজন নাই। ইতিমধ্যেই সাংসদ গগৈয়ে নিজৰ কৰ্মৰ দ্বাৰা নিজৰ দায়িত্ব আৰু দেশপ্ৰেমৰ প্ৰমাণ দি থৈছে বুলিও কয় কোঁৱৰে৷ তাৰ লগতে গৌৰৱ গগৈয়ে ২০২৯ চনৰ ৩ চেপ্তেম্বৰত শ্ৰীলংকাৰ ৰাজধানী কলম্বোত অনুষ্ঠিত ইউনিচেফৰ দক্ষিণ এছিয়াৰ সাংসদৰ শিশু অধিকাৰ সন্মিলনত পাকিস্তানৰ প্ৰতিনিধিৰ মুখ বন্ধ কৰা বিষয়টো উল্লেক কৰে৷ সেই সময়ত গৌৰৱ গগৈয়ে পাকিস্তানী প্ৰতিনিধিক দিয়া ধমকক লৈ সাংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছিল৷ সাংসদ গৌৰৱ গগৈ আৰু বিজেপি সাংসদ সঞ্জয় জয়ছোৱাল থকা ভাৰতীয় সংসদীয় প্ৰতিনিধি দলটোৱে কলম্বোত শিশু অধিকাৰ সন্মিলনত কাশ্মীৰ সমস্যা উত্থাপন কৰিব খোজা পাকিস্তানৰ প্ৰচেষ্টা বিফল কৰিছিল৷ গৌৰৱ গগৈয়ে পাকিস্তানৰ প্ৰতিনিধিৰ মুখ বন্ধ কৰি দৃঢ়তাৰে কৈছিল যে এয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়। জম্মু-কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়৷ পাকিস্তানক এই বিষয়ত মাত নামাতিবলৈ ধমক দিয়াৰ লগতে পাকিস্তানত হিন্দুকে ধৰি সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰক কটু সমালোচনা কৰিছিল গৌৰৱ গগৈয়ে৷ কোঁৱৰে জাৰি কৰা অন্য এক তথ্য অনুসৰি ২০১৭ চনত দিল্লীৰ ইণ্ডিয়া ইণ্টেৰনেচনেল চেণ্টাৰত ভাৰত-পাক সম্পৰ্ক উন্নীতকৰণৰ বাবে প্ৰাক্তন উচ্চায়ুক্ত, বিদেশ সচিব আৰু বিদেশ নীতিৰ বিশেষজ্ঞসকলে এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। তাত সাংসদ গগৈয়ে ‘ভাৰত আৰু পাকিস্তান কেতিয়াবা ভাল চুবুৰীয়াৰ সম্পৰ্ক গঢ়ি উঠিব নে?’ বিষয়ত বক্তৃতা দিয়াৰ সুবিধা লাভ কৰিছিল। তেতিয়াও কিন্তু সাংসদ গগৈ প্ৰথমবাৰৰ সাংসদেই আছিল। সাংসদ গৌৰৱ গগৈক দেশৰ এই বিদ্বান ব্যক্তিসকলে নিশ্চয়কৈ এজন উচ্চ শিক্ষিত, দক্ষ আৰু বিদেশ নীতিৰ ওপৰত অধ্যয়নশীল যুৱ সাংসদ হিচাপেই উক্ত সভালৈ নিমন্ত্ৰণ দিছিল। কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি কয় যে উক্ত অনুষ্ঠানৰ আয়োজন কৰাসকল আৰু দেশৰ প্ৰাক্তন উচ্চায়ুক্ত, বিদেশ সচিবসকল, বিদেশ নীতিৰ বিশেষজ্ঞ সকল, কূটনীতিবিদসকল দেশদ্ৰোহী আছিল নেকি? কাৰণ তেওঁলোকে পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ উন্নীতৰ কথাত গুৰুত্ব দিছিল। নে মুখ্যমন্ত্ৰীৰ দৃষ্টিত সাংসদ গৌৰৱ গগৈয়েও এজন পাকিস্তানী এজেণ্ট হিচাপেহে অংশ গ্ৰহণ কৰিছিল নেকি? ঋতুপৰ্ণ কোঁৱৰে মুখ্যমন্ত্ৰীয়ে শ্বেয়াৰ কৰা ২০১৫ চনৰ পাকিস্তানী উচ্চায়ুক্তগৰাকীৰ সৈতে সাংসদ গগৈৰ ফটোখনৰ বাহিৰে ভাৰত-পাক সম্পৰ্ক উন্নত কৰিবলৈ সাংসদ হিচাপে গগৈয়ে অংশগ্ৰহণ কৰা অন্যান্য কাৰ্যসূচীৰ ফটো কিয় দিয়া নাই বুলি প্ৰশ্ন কৰে৷ ২০১৫ চনৰ ফটো যিহেতু বিচাৰি উলিয়াব পাৰিছে তেন্তে ২০১৭ চনৰ ফটোও নিশ্চয়কৈ পাইছে বুলি কয় কোঁৱৰে৷ ঋতুপৰ্ণ কোঁৱৰে শেষত কয় যে অৰ্ধসত্য কথাৰে তেওঁ সাংসদগৰাকীক অতি সুপৰিকল্পিত ভাবে দেশদ্ৰোহী সাজিবলৈ অপচেষ্টা কৰি আছে যেন অনুভৱ হয়! যিটো বিজেপি দল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পুৰণি স্বভাৱ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে জনাব বিচাৰো যে সাংসদ গৌৰৱ গগৈক দেশপ্ৰেমৰ চাৰ্টিফিকেট আপোনাৰ পৰা প্ৰয়োজন নাই। ইতিমধ্যেই সাংসদ গগৈয়ে নিজৰ কৰ্মৰ দ্বাৰা নিজৰ দায়িত্ব আৰু দেশপ্ৰেমৰ প্ৰমাণ দি থৈছে।