হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনি বছৰ পাৰ কৰি চাৰিটা বছৰত ভৰি দিয়াত তিনি বছৰৰ মূৰকত পুনৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সৰৱ হৈছে কেইবাটাও সংগঠন৷ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ সক্ৰিয় হৈছে জনজাতিকৰণ দাবী কৰা কেইবাটাও সংগঠন৷ আজি গুৱাহাটী এখন সংবাদমেল পাতি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ তথা বিজেপিক দলক জনজাতিকৰণৰ বাবে সময় সীমা বান্ধি দিয়ে টাই আহোম ছাত্ৰ সন্থাই স্থিতি স্পষ্ট কৰি কয় যে শীঘ্ৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰক৷ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যদা নিদিলে নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিব আটাছুৱে৷ দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি আটাছুৰ সভাপতি বসন্ত গগৈয়ে কয় যে এইবাৰ আমাৰ কথা স্পষ্ট৷ এইখন চৰকাৰে খিলঞ্জীয়া বিদ্বেষী নীতি লৈছে৷ খিলঞ্জীয়াক প্ৰৱঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে৷ ৬ জনগোষ্ঠীৰ ৰাইজক আশা দি নিৰাশা কৰিছে৷ প্ৰতিশ্ৰুতি দি আমাক জনজাতিকৰণৰ মৰ্য্যদা দিয়া নাই৷ যদি ২০২৬ চনৰ নিৰ্বাচনৰ আগত আহোমসকলৰ লগতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয় তেন্তে এই বৃহৎ গণতান্ত্ৰিক উৎসৱৰ বিৰুদ্ধে থিয় দিব৷ বিজেপিৰ দল আৰু চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাইজ মাৰবান্ধি থিয় দি যোগ্য প্ৰত্যুত্তৰ দিব৷ বসুন্ধৰা ৩.০ৰ অধিসূচনাৰ জড়িয়তে মৰাণ, মটক, চুতীয়া বিদ্বেষী সিদ্ধান্ত লোৱাৰ অভিযোগ আনি বসন্ত গগৈয়ে কয় যে এই অধিসূচনাৰ জড়িয়তে মৰাণ, মটক, চুতীয়াই মাটিৰ পট্টা বিচাৰিব লাগিলে তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিব লাগে৷ ইয়াৰ দ্বাৰা এইখন চৰকাৰ যে খিলঞ্জীয়া বিদ্বেষী সেই কথা প্ৰমাণ হৈছে৷ চৰকাৰে খিলঞ্জীয়াৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে৷ এই অধিসূচনা বাতিল কৰক৷ উজনি অসমৰ বিভিন্ন প্ৰান্তত গৰু, কয়লা, কাঠৰ চিণ্ডিকেট চলাৰ অভিযোগ আনি গগৈয়ে আৰু কয় যে গৰু, কয়লা, কাঠৰ চিণ্ডিকেটৰ বিৰুদ্ধে চৰকাৰে একচন লোৱা নাই৷ অসমৰ চৰকাৰে চিণ্ডিকেটৰ বিৰুদ্ধে একচন লওক৷ সংগঠনটোৱে কেইবাটাও কাৰ্যসূচী ঘোষণা কৰিছে৷ ১০ ডিচেম্বৰত জনজাতিকৰণৰ দাবীত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিব আটাছুৱে৷ লগতে ৩০ ডিচেম্বৰত সন্ত্ৰাসবাদী নিৰ্মূল দিৱস, ২৪ নৱেম্বৰৰ পৰা চেপনত তিনিদিনীয়া কাৰ্যসূচীৰে লাচিত দিৱস পালনৰ ঘোষণা কৰিছে৷ ২ ডিচেম্বৰত কাজিৰঙাত ‘অসম দিৱস’ পালনৰ ঘোষণা কৰিছে বসন্ত গগৈয়ে৷
৪ গৰাকী পুৰোধালৈ সাহিত্যাচাৰ্য সন্মান
আজি অসম সাহিত্য সভাই অসমৰ চাৰি বিশিষ্ট কবি-সাহিত্যিকক সৰ্বোচ্ছ সন্মান প্ৰদানৰ ঘোষণা কৰিছে৷ সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য সন্মান প্ৰদানৰ ঘোষণা কৰিছে। পূৰ্বৰ দৰে এইবৰ্ষটো অসম সাহিত্য সভাই ঘোষণা কৰিলে ২০২৫ বৰ্ষৰ…