’২৬ত ৰাজ্যিক ৰাজনীতিলৈ উভতিব গৌৰৱ গগৈ! ক’লে- ‘দলে বিচাৰিলে মই জালুকবাৰীৰ পৰাও নিৰ্বাচন খেলিবলৈ সাজু’

গুৱাহাটীঃ লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰাৰ পিছত এইবাৰ কেন্দ্ৰীয় ৰাজনীতি এৰি অসমৰ ৰাজনীতিলৈ উভতি আহিবলৈ যো-জা চলাইছে গৌৰৱ গগৈয়ে। ২০২৬ৰ বিধানসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছক শক্তিশালী কৰাৰ দায়িত্ব মূৰ পাতি লৈ বিধানসভা নিৰ্বাচনত নিজেই প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে গৌৰৱ গগৈয়ে।

ইতিমধ্যে গৌৰৱ গগৈক লৈ চৰ্চা চলিছে যে দুবছৰ পিছত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক নিৰ্বাচনত গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁ। এসময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত গোলাঘাট সমষ্টিটো বৰ্তমান বিজেপি চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগৰ হাতত। এনে পৰিপ্ৰেক্ষিতত ২০২৬ৰ নিৰ্বাচনত অজন্তা নেওগৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ গোলাঘাট সমষ্টিটো পুনৰ কংগ্ৰেছৰ হাতলৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে গৌৰৱ গগৈয়ে। দলৰ এক সূত্ৰ অনুসৰি, এই সমষ্টিটোত গৌৰৱ গগৈয়ে ৰাজনৈতিক কুচ-কাৱাজো আৰম্ভ কৰিছে।

ইফালে, ২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে গোলাঘাটৰ পৰা প্ৰতিদ্বন্দিতা কৰিব নেকি বুলি দেওবাৰে সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কংগ্ৰেছৰ সাংসদগৰাকীয়ে কয়, “মোক লৈ বহু বাতৰি ওলাই থাকে৷ কেতিয়াবা মই নগাঁৱত, কেতিয়াবা যোৰহাটত নিৰ্বাচন খেলিম বুলি ওলায়৷ দলে য’তেই দিব মই তাতেই খেলিম৷ দলে যদি যোৰহাটত দিয়ে, যোৰহাটৰ পৰা খেলিম৷ যদি দলে জালুকবাৰীত দিয়ে, মই জালুকবাৰীৰ পৰা খেলিম৷”

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ