
অসমত উলংগ বাবাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে উলংগ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা লোকসকলক মুক্তি দিয়াৰ দাবীত আজি বীৰ লাচিত সেনা-অসমে গুৱাহাটীত ক’লা বেজ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷ বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিয়ে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেঁতুৰ তলত প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰি গ্ৰেপ্তাৰ কৰা ৭ জন অসমীয়াক শীঘ্ৰে মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক শেষ সকীয়নি প্ৰদান কৰে৷ যোৰহাটত উলংগ বাবাই প্ৰৱেশ কৰাত প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশ লোকে৷ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে বৰ্বৰভাৱে প্ৰতিবাদকাৰীক প্ৰহাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ ৭ নেতাক৷ ৭ নেতাক মুক্তিৰ দাবী জনাই আহিছে যদিও মুক্তি নিদিয়াত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীত বীৰ লাচিত সেনাই প্ৰতীকী অৱস্থান ধৰ্মঘট সাব্যস্ত কৰে৷ বহিৰাগতৰ অতপালি বন্ধ কৰক, বিজেপি গ’-বেক, অসম চৰকাৰ হায়ঃ হায়ঃ, ভুৱা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা ৭ অসমীয়াক মুক্তি দিয়ক লিখা বেনাৰ-ফেষ্টুন হাতে হাতে লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ শ্ৰদ্ধাঞ্জলি উৰণীয়া সেঁতুৰ তলত বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমে কয় যে আজি অসমত বহিৰাগত নেতাৰ দপদপনি বৃদ্ধি পাইছে৷ বহিৰাগতক সুৰক্ষা দিছে দিল্লী আৰু দিছপুৰৰ চৰকাৰে৷ অসমৰ স্বাভিমানক হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷