৭ মাৰ্চলৈ ন্যায়িক জিম্মাত উএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হক

ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পিছত আদালতে ৭ মাৰ্চলৈ ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ নকৰিলে তেওঁক ৭ মাৰ্চলৈ বৰাকৰ শ্ৰীভূমি জিলাৰ কাৰাগাৰত কটাব লাগিব। আজি আৰক্ষীৰ জিম্মা সমাপ্ত হোৱাৰ পিছত মহবুবুল হকক শ্ৰীভূমি জিলা মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে তেওঁক শ্ৰীভূমি জিলা কাৰাগাৰলৈ স্থানান্তৰ কৰাৰ আদেশ দিয়ে।

আদালতে আৰক্ষীয়ে দাখিল কৰা পুনৰ জিম্মাৰ আবেদন নাকচ কৰে। উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ নকৰিলে মহবুবুল হকক ৭ মাৰ্চলৈ কাৰাগাৰত ৰখা হ’ব। মহবুবুল হকৰ লগতে হীৰামণি ডেকা, বিজয় দত্ত, ৰেজজাক আলী, নুমান আহমেদ আৰু ইমদাদুৰ ৰহমানক ২৫ ফেব্ৰুৱাৰীত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। চাৰিদিনীয়া আৰক্ষীৰ জিম্মা সম্পূৰ্ণ হোৱাৰ পিছত আজি গুৱাহাটীৰ পৰা মহবুবুল হকক শ্ৰীভূমিলৈ আনি আদালতত হাজিৰ কৰোৱা হয়।

আদালতৰ চৌহদৰ পৰা ওলাই যাওঁতে মহবুবুল হকে সংবাদ মাধ্যমক সম্বোধন কৰি কয়, “মোৰ পৰিৱৰ্তে ইউএছটিএমৰ সাফল্যৰ ওপৰত গুৰুত্ব দিয়ক। ইউএছটিএমলৈ আহক আৰু শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰক।” তেওঁ পাথাৰকান্দিৰ গ্ৰেপ্তাৰ হোৱা শিক্ষকসকলক সমৰ্থন জনাই কয় যে তেওঁলোকে কোনো অন্যায়ত লিপ্ত হোৱা নাই আৰু তেওঁলোকৰ সততাৰ বাবে তেওঁলোকক পুৰস্কৃত কৰিম বুলি কয়।

ইয়াৰ আগতে আজি পুৱাতে গুৱাহাটী আৰক্ষীৰ এটা দলে মহবুবুল হকক লগত লৈ তেওঁৰ মালিকানাধীন ইউএছটিএমলৈ গৈছিল। কিন্তু মেঘালয় আৰক্ষীয়ে আদালতৰ নিৰ্দেশনা নথকাৰ বাবে ইউএছটিএম চৌহদত প্ৰৱেশ কৰিব নিদিয়াত গুৱাহাটী আৰক্ষীয়ে তালাচী চলাব নোৱাৰি উভতি আহিবলৈ বাধ্য হয়। মেঘালয় আৰক্ষীয়ে গুৱাহাটী আৰক্ষীক বাধা দিয়াত গুৱাহাটী আৰক্ষীয়ে ইউএছটিএমৰ পৰা উভতি আহি মহবুবুল হকক জেৰা কৰি শ্ৰীভূমিলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, শুকুৰবাৰে আৰক্ষীয়ে মহবুবুল হকৰ ঘৰত অভিযান চলাইছিল।

New chat
  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে