
আজিৰে দিনত শিৱসাগৰ জিলা পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বিধায়ক অখিল গগৈৰ সৈতে ৰংঘৰৰ এলেকা, ডিমৌ, ভটীয়াপাৰ আৰু বিভিন্ন উন্নয়ন প্রকল্প পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে অৱস্থা মূল্যায়ন কৰে।
সাম্প্ৰতিক বৰষুণৰ ফলত ৰংঘৰ চৌহদত হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ পটভূমিত মুখ্যমন্ত্ৰীয়ে খোদ সেই স্থান পৰিদৰ্শন কৰি কয়, “এই কীৰ্তিচিহ্ন সংৰক্ষণ আমাৰ দায়িত্ব, ৰাইজক কথা দিওঁ আৰু সেই কথা ৰক্ষা কৰিও দেখুওৱা আমাৰ চৰকাৰৰ কৰ্তব্য। ১৬-১৮ মাহৰ ভিতৰত ৰংঘৰ প্ৰকল্প সম্পূৰ্ণ হ’ব আৰু পানী জমা হোৱা সমস্যা এক-দেড় মাহৰ ভিতৰত সমাধান কৰা হ’ব।”
উল্লেখযোগ্য যে, এই পৰিদৰ্শনত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে নুমলীগড়-ডিব্ৰুগড় ৰাষ্ট্ৰীয় ঘাইপথৰ কাম ফেব্ৰুৱাৰী-মাৰ্চ ২০২৬ৰ ভিতৰত সম্পূৰ্ণ হ’ব। লগতে, ডিমৌ-মৰাণ ঘাইপথত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম “ইমাৰ্জেঞ্চী লেণ্ডিং ফেচিলিটী” নিৰ্মাণ কৰা হৈছে, যাৰ জৰিয়তে জৰুৰীকালীন অৱস্থাত সামৰিক তথা অসামৰিক বিমান উৰণ-অৱতৰণ কৰিব পাৰিব।
ইয়াৰ উপৰিও, ভাৰত চৰকাৰে বৰমা-টিহু আৰু নগাঁও-লামডিং মাজত দুটা নতুন ইমাৰ্জেঞ্চী লেণ্ডিং ফেচিলিটী স্থাপন অনুমোদন জনাইছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ডিমৌস্থিত টাটা কেন্সাৰ হাস্পতাল আৰু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ অগ্ৰগতি পৰ্যবেক্ষণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “টাটা কেন্সাৰ হাস্পতালৰ ৬৫% কাম সম্পূৰ্ণ হৈ গৈছে আৰু এই বছৰ ডিচেম্বৰ মাহত উদ্বোধন হ’ব। আনহাতে, চিকিৎসা মহাবিদ্যালয়ৰ ২০% কাম অগ্ৰগতি হৈছে আৰু দুয়োটা প্ৰতিষ্ঠান অহা দুই বছৰৰ ভিতৰত ৰাইজৰ সেৱাত নিয়োজিত হ’ব।”
চিকিৎসা মহাবিদ্যালয়লৈ সহজ যাতায়াতৰ বাবে এনএছ ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে নতুন সংযোগ পথ নিৰ্মাণৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তদুপৰি, মুখ্যমন্ত্ৰীয়ে ডিমৌ-জাঁজী চাৰিলেন পথৰ কামত হোৱা বিলম্বৰ বিষয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ফেব্ৰুৱাৰীৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।
ডিমৌৰ ৰুদ্রসাগৰ ৰেচম উদ্যোগ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীয়ে স্থানীয় উদ্যোগৰ উন্নয়নলৈ চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ দিশত গুৰুত্ব আৰোপ কৰে।
আজি মুখ্যমন্ত্ৰীয়ে ভটীয়াপাৰস্থিত অ’এনজিচিৰ ৰীগত হোৱা গেছ নিৰ্গমণ স্থানো পৰিদৰ্শন কৰে। এই ঘটনা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাই কয়, “ক্ষতিগ্ৰস্ত এলেকাৰ প্ৰতিটো পৰিয়ালক ২০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। ৰাইজৰ দাবী ন্যায়সঙ্গত। মুখ্যমন্ত্ৰী গৰাকীয়ে অ’এনজিচিৰ পৰা এই ক্ষতিপূৰণ আদায় কৰিবলৈ পদক্ষেপ ল’ব।”