
অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। মুঠ ৩৬টা পৰিষদীয় সমষ্টিত ২ এপ্ৰিলত ভোটগ্ৰহণ আৰু ৪ এপ্ৰিলত ভোট গণনা কৰা হ’ব। ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আবেলি ৩ বজালৈকে চলিব। ৰাভা হাছং স্বায়ত্ব শাসিত এলেকাত ৬৩০টা ভোট কেন্দ্ৰ আছে আৰু মুঠ ভোটাৰৰ সংখ্যা ৪,৪৫,৫৮৬ জন। ইয়াৰ ভিতৰত ২২৯,৩৯৪ গৰাকী মহিলা আৰু ২২ জন অন্যান্য ভোটাৰ আছে।
মনোনয়ন দাখিলৰ শেষ তাৰিখ ১৫ মাৰ্চ, আৰু মনোনয়ন পৰীক্ষা কৰা হ’ব ১৭ মাৰ্চত। প্ৰাৰ্থীয়ে ১৯ মাৰ্চলৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। নিৰ্বাচনী বিধি কঠোৰভাৱে পালন কৰি নিৰ্বাচন প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিছে। নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ লগে লগে আদৰ্শ আচৰণ বিধি কাৰ্যকৰী হৈছে।
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অঞ্চলত বিভিন্ন ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰগতিত আগবঢ়াইছে। বিজেপি, কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰস্তুত হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া সৎ আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।