
অসমৰ দুই সংস্কৃতিক সাধক আৰু এগৰাকী শিক্ষাবিদে কালি অসামৰিক অন্যতম সন্মান পদ্মভূষণ আৰু পদ্মশ্ৰী গ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এক ঐতিহাসকি অনুষ্ঠানত তিনি সাধকে পদ্মসন্মান গ্ৰহণ কৰিছে৷ ভাৰতৰ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে নিত্যাচাৰ্য যতীন গোস্বামীক পদ্মভূষণ আৰু ৰেৱকান্ত মহন্ত আৰু গীতা উপাধ্যায়ক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। এই বঁটাসমূহ তেওঁলোকৰ কলা, সাহিত্য আৰু শিক্ষাক্ষেত্ৰত অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰা হয়। প্ৰবীণ সত্ৰীয় নৃত্যশিল্পী নিত্যাচাৰ্য যতীন গোস্বামীক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰা হয়৷ সত্ৰীয় নৃত্যৰ সংৰক্ষণ, উন্নয়ন আৰু জনপ্ৰিয় কৰাত বৃহৎ অৱদান আগবঢ়াইছে। ১৯৩৩ চনৰ ২ আগষ্টত জন্মগ্রহণ কৰা গোস্বামীয়ে প্ৰথমে নিজ পিতৃৰ তত্বাৱধানাত নৃত্য শিক্ষা আৰম্ভ কৰিছিল৷ পিছলৈ মণিৰাম দত্ত মুখতিয়াৰ আৰু ৰোষেশ্বৰ শইকীয়া বৰবায়ন আদি প্ৰখ্যাত গুৰুসকলৰ ওচৰত প্ৰশিক্ষণ লাভ কৰে। তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ওচৰত শাস্ত্ৰীয় সংগীত, লোক-নৃত্য আৰু অঙ্কীয়া নাটৰ প্ৰশিক্ষণ লৈছিল। অংকীয়া নাটকক পুনৰুজ্জীৱিত কৰি আধুনিক ৰূপ প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যতীন গোস্বামীয়ে প্ৰাগজ্যোতি কলা পৰিষদ প্ৰতিষ্ঠা কৰি অসমৰ বিভিন্ন সত্ৰ আৰু নামঘৰত চৰ্চা কৰিছিল। তেওঁ সংগীত নাটক একাডেমী, আইচিচিআৰ আদিৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছে।২০০৮ চনত পদ্ম শ্ৰী, ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা, ২০১৭ চনত কালিদাস সন্মান, ২০১৯ একাডেমী ৰত্ন ফেলশ্বিপ আদি বঁটাৰে সন্মানিত কৰা হৈছে। পদ্মশ্ৰী সন্মান লাভ কৰা ৰেৱকান্ত মহন্তই শিৱসাগৰৰ খাটপৰা সত্ৰৰ সত্ৰাধিকাৰ৷ ৰেৱকান্ত মহন্তক মুখা-ভাওনাৰ অনন্য কলা তথা মুখা নিৰ্মাণৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়। ১৯৩৫ চনৰ ১৯ এপ্ৰিলত জন্মগ্ৰহণ কৰা মহন্ত পৰিয়ালৰ এই সংস্কৃতি আগবঢ়াই নিয়া উত্তৰাধিকাৰী৷ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ নিছে। তেওঁ নিৰ্মাণ কৰা মুখাসমূহ ভাৰত, ৰাছিয়া, জাপান, অষ্ট্ৰেলিয়া, আৰু আমেৰিকাৰ বিভিন্ন সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। তেওঁ ২০১৫ চনত সংগীত নাটক একাডেমী বঁটা, ২০১৯ বিষ্ণু ৰাভা ৰাষ্ট্ৰীয় বঁটা, বহু প্ৰতিষ্ঠানে সন্মান প্ৰদান কৰিছে। পদ্মশ্ৰী লাভ কৰা গীতা উপাধ্যায় প্ৰখ্যাত লেখিকা, অনুবাদক আৰু শিক্ষাবিদ৷ গীতা উপাধ্যায়ক সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী প্ৰদান কৰা হয়। ১৯৩৯ চনৰ ১৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা উপাধ্যায় অসমৰ গোৰ্খা সম্প্ৰদায়ৰ পৰা প্ৰথম মহিলাৰূপে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগত অধ্যাপক আৰু বিভাগীয় অধ্যক্ষ হিচাপে তিনিটা দশক কাম কৰিছিল। সাহিত্য একাডেমী বঁটাৰ প্ৰাপক গীতা উপাধ্যায়ক জনপ্ৰিয় গ্ৰন্থ জন্মভূমি মোৰ স্বদেশ আৰু স্বাধীনতা সংগ্ৰামী ছবিলাল উপাধ্যায়ৰ জীৱনী লিখিছিল। তেওঁ ‘দ্যা ডায়েৰী অৱ এনে ফ্ৰেংক’ আৰু ‘ৰামায়না’ৰ অসমীয়া অনুবাদৰ লগতে অসমীয়া সাহিত্যৰ নেপালী অনুবাদৰ জৰিয়তে দুই ভাষিক সমাজৰ মাজত সাংস্কৃতিক যোগসূত্ৰ স্থাপন কৰিছে।