

উত্তৰাখণ্ডত ২৮ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ৩৮ তম ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় ক্ৰীড়াত মুঠ ৩৬ খন প্ৰতিযোগিতা অন্তৰ্ভুক্ত কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিবলগীয়া ৰাজ্যসমূহৰ বিভিন্ন ইভেন্টৰ বাবে দলসমূহ সাজু হৈছে৷ ২৬ ফেব্ৰুৱাৰীৰ ভিতৰত ৰাজ্যসমূহৰ দলসমূহ উত্তৰাখণ্ডত উপস্থিত হ’ব৷ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশ ল’বলৈ সাজু হৈছে অসমৰ খেলুৱৈসকল৷ দীৰ্ঘদিনীয়া প্ৰশিক্ষণৰ অন্তত সাজু অসমৰ খেলুৱৈসকলক আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিট প্ৰদান কৰা হয়৷ দলটোৰ বাবে অফিচিয়েল জাৰ্চি মুকলি কৰাৰ লগতে কিট প্ৰদান কৰা হয়৷ ৩৮সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে আজি গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত এখন বিশেষ সভা অনুষ্ঠিত হয়৷ মন্ত্ৰী নন্দিতা গাৰ্লোচা, পীয়ুষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ উপস্থিতিত অনুষ্ঠিত সভাত খেলুৱৈসকল উপস্থিত থাকে৷ অসমৰ খেলুৱৈসকলক কিট বিতৰণ কৰে অসম অলিম্পিক সন্থাৰ অধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সোণোৱালে অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰে৷ অসম অলিম্পিক সন্থাৰ অধ্যক্ষ সোণোৱালে কয় যে অসম ক্ৰীড়া প্ৰতিভাৰ এক উদীয়মান শক্তিক্ষেত্ৰ। আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসম দলে অদম্য মনোবল তথা উজ্জীৱিত প্ৰদৰ্শনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আমি দৃঢ় বিশ্বাসী। শৃংখলাবদ্ধতা, উৎসৰ্গিত মনোভাব আৰু একাগ্ৰতাৰে সৰ্বোচ্চ উজাৰি খেলিবলৈ সমূহ খেলুৱৈক আন্তৰিকতাৰে আহ্বান জনালো।