ৰিপুন বৰাক ৪ ঘণ্টা জেৰা, গৌৰৱ গগৈৰ সৈতে পাকিস্তান গৈছিল দিগন্ত কলিতাই!

গৌৰৱ গগৈৰ তথাকথিত পাকিস্তান সংযোগৰ গোচৰখনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক পৰিস্থিতি তীব্ৰ হৈ পৰিছে। এই গোচৰত মুখ্যমন্ত্ৰীৰ বিশেষ সতর্কতা কোষৰ বিশেষ অনুসন্ধান দল (SIT)-এ আজি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সভাপতি ৰিপুন বৰাক প্ৰায় চাৰিঘণ্টা ধৰি জেৰা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ৰোষত পৰা ৰিপুন বৰাই গৌৰৱ গগৈৰ পক্ষ লৈ সংবাদমেলত কৰা মন্তব্যৰ পটভূমিত এই জেৰা চলোৱা হয়।

জেৰা শেষৰ পাছত সংবাদমাধ্যমৰ সৈতে কথা পাতি ৰিপুন বৰাই কয়, “তেওঁলোকে যি-যি প্ৰশ্ন কৰিলে, মই সকলো উত্তৰ দিছোঁ। মুখ্যতঃ সংবাদমেলত মই দিয়া বক্তব্য আৰু গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল। আলী তৌকীৰ শ্বেখক চিনি পোৱা বিষয়ে সোধা হ’ল, যাৰ বিষয়ে মই জ্ঞাত নহয় বুলি জানোোৱা হৈছে।”

ৰিপুন বৰাই লগতে কয় যে, তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাকো জেৰা কৰিবলৈ SIT-লৈ পৰামৰ্শ দিছে। তেওঁ কয়, “মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তান এম্বেছীৰ ফটো দেখুৱাই যি দাবী তুলিছে, সেই ফটো সম্পূৰ্ণ বিকৃত আৰু সম্পাদিত। তদুপৰি, যুদ্ধকালীন সময়ত মুখ্যমন্ত্ৰীয়ে কেনেকৈ পাকিস্তানৰ সৈতে যোগাযোগ স্থাপন কৰিলে, সেয়া তদন্তৰ বিষয়।”

দিগন্ত কলিতাৰ বিষয়ে ৰিপুন বৰাই গম্ভীৰ সন্দেহ প্ৰকাশ কৰি কয়, “কলিতাই গৌৰৱৰ পাকিস্তান ভ্ৰমণৰ ১৫ দিনীয়া সূচী ছচিয়েল মিডিয়াত আপলোড কৰিছে। তেতিয়া তেওঁ কংগ্ৰেছৰ সদস্য আছিল, আৰু গৌৰৱৰ ঘনিষ্ঠ বন্ধু। ২০১৩ চনত সম্ভৱতঃ তেওঁ গৌৰৱৰ সৈতে পাকিস্তান গৈছিল। যদি SIT-এ তেওঁক জেৰা কৰে, তেন্তে বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিব। তেওঁৰ লগত থকা নাথাকিলে এনেধৰণৰ তথ্য তেনে বিৱৰণৰে ক’ব পৰা সম্ভৱ নহয়।”

আইনৰ প্ৰতি কংগ্ৰেছ দলৰ শ্রদ্ধা পুনৰ প্ৰকাশ কৰি ৰিপুন বৰাই কয়, “যদি মোক আকৌ মাতিব, মই নিশ্চয় উপস্থিত হম। কংগ্ৰেছ দলে সদায় আইনৰ প্ৰতি সন্মান দেখুৱাইছে।”

ৰিপুন বৰাৰ জেৰা শেষ হোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ বিশেষ সতর্কতা কোষৰ SP ৰজী কলিতাই সংবাদমাধ্যমক উদ্দেশ্যি কয়, “তদন্ত চলি আছে। তেওঁক সময় দিয়া হৈছে, তথ্যবোৰ আগবঢ়াবলৈ। তেওঁ নিজে কৈছে যে কিছুমান মন্তব্য দলীয় চাপৰ ফলত কৰিবলগীয়া হৈছিল। আমাৰ পক্ষৰ পৰাও সম্ভাৱনা আছে, তেওঁক পুনৰ মাতিব পৰা যায়।”

উল্লেখযোগ্য যে, গৌৰৱ গগৈৰ পত্নীয়ে সংবাদমেলত পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱাৰ কথা উল্লেখ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ বিশেষ সতর্কতা কোষে SIT-৫/২৫ নম্বৰৰ গোচৰৰ অধীনত ৰিপুন বৰাক উপস্থিত হ’বলৈ নোটিচ জাৰি কৰিছিল।

এই সমগ্ৰ ঘটনাই অসমৰ ৰাজনৈতিক পৰিৱেশত নতুন তীব্ৰতা সৃষ্টি কৰিছে, আৰু তদন্তৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি কেন্দ্ৰিত হৈ আছে।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ