তৃণমূল কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি ৰিপুন বৰাই দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰাৰ লগতে
সভাপতি পদ ত্যাগ কৰিছে। ৰিপুন বৰাৰ সিদ্ধান্তৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰিপুন বৰাৰ পদত্যাগত
আচৰিত হোৱা নাই বুলি কয়। ড০ শৰ্মাই কয় ”দুমাহ আগতে এই কথা জানিছিলো। মই প্ৰায় দুমাহ আগতে খবৰ পাইছিলো যে বৰাই কংগ্ৰেছত পুনৰ যোগদান কৰিব। মই বিশ্বাস কৰো যে তেওঁ প্ৰথমাৱস্থাতে কংগ্ৰেছ এৰিব নালাগিছিল। আমি তেওঁক পৰাজিত কৰিছিলো। তাৰ বাবে তেওঁ কংগ্ৰেছৰ ওপৰত খং কৰা উচিত নাছিল”।