ৰীলচ বনাই ইমান সম্পত্তি ঘটিব পাৰিনে?

ডিব্ৰুগড় আৰক্ষীৰ হাতত বিশাল ফুকন-চুমি বৰাৰ সম্পত্তিৰ তথ্য

● ডিব্ৰুগড়ৰ বৈৰাগীমঠত বিশালৰ ২,০০০ বৰ্গফুটৰ কাৰ্যালয়। ৮৫ লাখ টকাৰে ইণ্টেৰিঅ’ৰ ডিজাইন কৰা হৈছিল কাৰ্যালয়টোৰ। ইণ্টেৰিঅ’ৰ ডিজাইনাৰ কৰিশ্মা কাকতিক দিছিল নগদ ৫০ শতাংশ ধন

● ডিব্ৰুগড়ৰ পূৰ্বাঞ্জলি এপাৰ্টমেণ্টৰ ফ্লেট ক্ৰয় কৰিছিল ৬৩.২৫ লাখ টকাত। বিল্ডাৰক নগদ দিছিল ৪৪ লাখ টকা

●ডিব্ৰুগড়ত চুমি বৰাৰ বাবে বিশালে খুলি দিয়া ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় ৩৩ লাখ টকা। চিগমা টাইলছক ১০ লাখ টকা দিছিল আৰু চাউণ্ড প্ৰুফৰ নামত ব্যয় ১৫ লাখ টকা

●গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতীক তৰুণ এপাৰ্টমেণ্টত ৭ কোটি টকাত ডুপ্লেক্স ফ্লেট ক্ৰয়

● গুৱাহাটীৰ নাৰেংগীত আইডিয়েল ভিউ এপাৰ্টমেণ্টত ১.৫ কোটি টকাত ফ্লেট ক্ৰয়

●৮ আগষ্টত চুমিৰ জন্মদিনত ২ লাখ টকীয়া টেডী বিয়েৰ উপহাৰ দিছিল বিশালে

● চুমিৰ ব্যক্তিগত জিম ট্ৰেইনাৰ তন্দ্ৰামণিক মাহে ৫০,০০০ টকা দৰমহা দিছিল বিশালে

●চুমিক ৭৬ লাখ টকাৰ হীৰাৰ আঙঠি দিছিল বিশালে

●ৰাজস্থানৰ উদয়পুৰত হোৱা চুমি-তাৰ্কিক বৰাৰ বিয়াত ৩ কোটি টকা ব্যয় কৰিছিল বিশালে

●বিয়াৰ অতিথিৰ বাবে বিমান ভাড়াত বিশালে ব্যয় কৰিছিল ৩৩ লাখ টকা

●বিয়াৰ পাছত চুমিক বিশালে দিছিল ডুবাই ভ্ৰমণৰ উপহাৰ। ডুবাইৰ সাত তাৰকাযুক্ত হোটেল বুৰ্জ আৰৱত ৩ দিন আছিল বিশাল, চুমি আৰু আদিত্যম শইকীয়া। প্ৰতিদিনে ১৯ লাখ টকাসহ ৩ দিনত মুঠ ব্যয় ৫৭ লাখ টকা। হোটেল আটলাণ্টিকত প্ৰতিদিনে ব্যয় কৰিছিল ১ লাখ টকা। ৫ দিন ডুবাইৰ শ্বপিং মলত তিনিও কৰিছিল ১.৫০ কোটি টকাৰ বজাৰ

●চুমিৰ স্বামী তাৰ্কিকক ৪৫ লাখ টকীয়া ফৰ্চুনাৰ উপহাৰ বিশালৰ

● মাকত ৩৩ লাখ টকীয়া এম জি হেক্টৰ বাহন উপহাৰ বিশালৰ

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ