প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পুৰণি বিজেপি নেতা ৰাজেন গোঁহায়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে পুনৰ মুকলি বিদ্ৰোহ আৰম্ভ কৰিছে৷ উজনি-নামনি ঘুৰিবলৈ আৰম্ভ কৰি পুৰণি আৰু বঞ্চিত নেতাক একত্ৰিত কৰাত লাগিছে গোহাঁই৷ বুধবাৰে ডিমৌত, বৃহ্স্পতিবাৰে ডিব্ৰুগড়ত বৈঠক কৰিছিল গোহাঁয়ে৷ সভাত বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল গোহাঁয়ে৷ বিজেপিক ঔপনিৱেশিক আখ্যা দি অসমক লুটি-পুটি খোৱাই লক্ষ্য বুলি কৈছিল৷ দিল্লীৰ নেতাই যি পাঠ দিব তাকেই কৰে৷ নামানিলে শাসন যাব৷ ঔপনিবেশিক শাসন বুলি কয়, যেনে ব্ৰিটিছৰ শাসন৷ অসমত যি আছে নি খাব লাগে৷ ভাষণ প্ৰদান কৰি ৰাজেন গোহাঁয়ে নতুন আঞ্চলিক দল গঠনৰ পোষকতা কৰিছিল৷ অসম গণ পৰিষদ, জাতীয় পৰিষদ, ৰাইজৰ দল গঠন হৈছে৷ আৰু এটা দল আমাৰো গঠন হ’ব পাৰে বুলি অকপটে স্বীকাৰ কৰিছিল৷ বিজেপিক ঔপনিৱেশিক, ইংৰাজৰ দৰে অসমক লুণ্ঠন কৰিছে, শোষণ কৰিছে বুলি কোৱা গোহাঁয়ে  এইবাৰ ধেমাজি জিলাৰ গোগামুখত বিজেপি নেতা-কৰ্মীৰে বৈঠক অনুষ্ঠিত কৰিছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক কথাবোৰ বহুবাৰ কোৱা বুলি উল্লেখ কৰি ৰাজেন গোঁহায়ে কয় যে মই কাৰ্য-কৰ্তাৰ সপক্ষে বহুবাৰ কৈছো৷ মই ৰাজ্যিক পৰ্যায়ৰ নেতা, কেন্দ্ৰীয় পৰ্যায়ৰ নেতাক কথাবোৰ কৈছো৷ তেওঁলোকৰ প্ৰতি কাণসাৰ নাই৷ বহু কৰ্মীৰে সৈতে মোৰ সঘন যোগাযোগ হয়৷ তেওঁলোকে ভুল সিদ্ধান্ত ল’বলৈ গৈ আছে৷ তেওঁলোকে বেলেগত যোগদান কৰিম বুলি কয়৷ এইসকল ব্যক্তি গুছি গ’লে আমাৰ দলটো দুৰ্বল হৈ যাব৷ এবাৰ দুৰ্বল হৈ গ’লে তাক পুনৰ উদ্ধাৰ কৰাটো কঠিন হৈ পৰিব৷ যদি গুছি যায় কাইলৈ কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিব পাৰে৷ কংগ্ৰেছ ক্ষমতালৈ আহিলে ডাঙৰ ক্ষতি৷ সেইকাৰণে মই পুৰণি বিজেপিৰ কৰ্মীৰ ওচৰলৈ আহিছো৷ অলপ ধৈৰ্য্য ধৰিবলৈ কৈছো৷ এতিয়াই কোনো সিদ্ধান্ত ল’ব নালাগে বুলি কৈছো৷ ইপিনে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বক অৱগত কৰিলে এইখিনি মানুহে ন্যায় পাব পাৰে বুলি কৈ গোহাঁয়ে কয় যে বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতি নিয়োগ কৰালৈ ৰ’বলৈ কৈছো৷ ৰাজেন গোহাঁয়ে কয় যে সেই দিনটোলৈ এওঁলোকক মই ৰখিব দিছো৷ আৰু যদি তাৰ পিছতো একো নহয় তেন্তে এওঁলোকে সিদ্ধান্ত ল’ব৷ যদি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত ভাল মানুহে আহে তেন্তে ন্যায় পাব, নহ’লে তোমালোকে যি সিদ্ধান্ত লোৱা ল’বা৷ ৰাজেন শিবিৰ বুলি একো নাই বুলি দাবী কৰি গোহাঁয়ে কয় যে পুৰণা-নতুন সকলোৱে মোৰ আপোন৷ পুৰণিখিনিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি দাবী কৰি গোঁহায়ে কয় যে পুৰণিখিনিৰ মই ত্যাগ, কষ্ট দেখা পাইছো৷ গোহাঁয়ে আৰু কয় যে মোৰ নেতৃত্বৰ দিনত বহু কৰ্মীয়ে সকলো ত্যাগ কৰি বহুত কষ্ট কৰিছে৷

  • Related Posts

    পাকিস্তানক সমৰ্থনৰ অভিযোগ, অখিল গগৈৰ ঘনিষ্ঠ অনিল বনিয়াক গ্ৰেপ্তাৰ

    পাকিস্তানক সমৰ্থন কৰি ফেচবুক লাইভ কৰাৰ অভিযোগত অখিল গগৈৰ ঘনিষ্ঠ ছাত্ৰ মুক্তিৰ নেতাক গ্ৰেপ্তাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অনিল বনিয়াক গ্ৰেপ্তাৰ কৰিছে…

    গুৱাহাটীত চাৰি বামপন্থী দলৰ প্ৰতিবাদ, আমি চৰকাৰৰ সৈতে, সন্ত্ৰাসবাদীক কঠোৰ উত্তৰ দিয়ক

    জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটৱাৰ বিৰুদ্ধে আজি ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চিপিআই, ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী চমুকৈ চিপিআই-এম আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি –মাৰ্ক্সবাদী লেনিনবাদী চমুকৈ চিপিআই-এমএলৰ অধীনত গুৱাহাটীৰ ৰটাৰী ক্লাবৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…