
উত্তৰ-পূৰ্বাঞ্চল কনফেডাৰেচন স্মল টি গ্ৰ’ৱাৰ্ছ এছ’চিয়েশ্যনৰ (NECSTGA) সভাপতি ডিগন্ত ফুকন আৰু সচিব বিনোদ বুৰাগোহাঁয়ে ভাৰতীয় চাহ বৰ্ড অধ্যক্ষলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাৰ সমাধান কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে। স্মাৰক পত্ৰত উত্তৰ-পূৰ্বাঞ্চল কনফেডাৰেচন স্মল টি গ্ৰ’ৱাৰ্ছ এছ’চিয়েশ্যনে চাহ বৰ্ডক বিভিন্ন আঁচনি আৰু নীতিক শুধৰণি কৰাৰ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। ১৫তম বিত্ত আয়োগৰ অধীনত বিকাশ আৰু প্ৰচাৰ আঁচনিক লৈ সংগঠনটোৱে ২০২৩-২৪ আৰু ২০২৫-২৬ চনৰ বাবে ১৫তম বিত্ত আয়োগৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কসকলক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বাবে কৃতজ্ঞতা জনাইছে। কিন্তু, এছএইচজি, এফপিঅ’ আৰু এফপিচিক ১০০ শতাংশ সহায় প্ৰদানৰ প্ৰক্ৰিয়া সহজ আৰু সুচাৰু কৰাৰ বাবে আহ্বান জনায়। বৰ্তমানৰ নীতিমতে, খেতিয়কসকলে প্ৰথমে নিজৰ ধনেৰে সামগ্ৰী কিনিব লাগে, তাৰ পিছতহে বিল আৰু ৰচিদ জমা দিলে ধন পায়। এই পদ্ধতিয়ে ক্ষুদ্ৰ খেতিয়কসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে৷ কিয়নো তেওঁলোকৰ প্ৰায়খিনিৰে ধনৰ অভাৱত থাকে। চাহ বৰ্ডে এই সমস্যাৰ সমাধানৰ বাবে অসম চৰকাৰৰ চিইএছএছ নীতিৰ দৰে এটা সমাধান দাবী কৰিছে৷ অন্যান্য ৰাজ্যৰ দৰেই উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে অধিক আঁচনি প্ৰচাৰ কৰাৰ আহ্বান জনাইছে চাহ বৰ্ডক। বিশেষকৈ নাগালেণ্ডৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কিউআৰ কাৰ্ড প্ৰদানৰ আহ্বান জনাইছে৷ কিয়নো ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৭১-এৰ বাবে নাগালেণ্ডত ভূমি প্ৰাধিকাৰী নাই। চাহ বৰ্ডক গাঁৱৰ পৰিষদে জাৰি কৰা ভূমিৰ দলিলক মানি লৈ কিউআৰ কাৰ্ড জাৰি কৰাৰ বাবে আহ্বান জনাইছে। চাহ বৰ্ডৰ বৰ্তমানৰ স্থানান্তৰ নীতিৰ পুনৰীক্ষণ কৰাৰ আহ্বান জনাইছে। এই নীতিৰ বাবে চাহ উদ্যোগত এক আতংকৰ সৃষ্টি হৈ বুলি কয় উত্তৰ-পূৰ্বাঞ্চল কনফেডাৰেচন স্মল টি গ্ৰ’ৱাৰ্ছ এছ’চিয়েশ্যনে। বিশেষকৈ দক্ষিণ ভাৰতৰ চাহ বৰ্ডৰ কৰ্মচাৰীসকলৰ স্থানীয় ভাষা নজনাৰ বাবে চাহ খেতিয়কসকলৰ সৈতে যোগাযোগ আৰু প্ৰশিক্ষণত সমস্যাৰ সৃষ্টি হোৱাৰ অভিযোগ আনে। এই সমস্যাৰ সমাধানৰ বাবে চাহ বৰ্ডক আহ্বান জনাইছে। চাহ বৰ্ডক ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ হকে গ্ৰহণ কৰা আঁচনিৰ বাবে পুনৰ কৃতজ্ঞতা জনাই ভৱিষ্যতে সহায় আৰু পৰামৰ্শৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে উত্তৰ-পূৰ্বাঞ্চল কনফেডাৰেচন স্মল টি গ্ৰ’ৱাৰ্ছ এছ’চিয়েশ্যনে।