
অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ পৰামৰ্শ সন্দৰ্ভত আজি সদৌ অসম ছাত্ৰ সন্থা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ে আছুক আলোচনা কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছতে আজি অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষাকৱচ সম্পৰ্কত বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠিত উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণৰ বিষয়ে চৰকাৰ আৰু আছুৰ বৈঠক অনুষ্ঠিত হয়৷ দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত আছুৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকে৷ আলোচনাত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত ৰাজ্য চৰকাৰৰ আওতাৰ ৪০টা বিষয় অসম চৰকাৰে ২০২৫ চনৰ এপ্ৰিল মাহৰ ভিতৰত কাৰ্যকৰী কৰিব বুলি কোৱা কথাটো স্থান লাভ কৰে৷ ১০ মাৰ্চৰ ভিতৰত আৰু এপ্ৰিলত দুয়োপক্ষৰ পুনৰ বৈঠক অনুষ্ঠিত হ’ব। আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰাৰ চাৰি বছৰ হ’ল বুলি কৈ কয় যে চৰকাৰে আলোচনাৰ দুৱাৰ খুলিছে। বিগত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰথমখন আলোচনা হৈছিল। যোৱা আলোচনাত ৰাজ্য চৰকাৰে কৈছিল অসম চৰকাৰৰ অধীনত ৪০টা বিষয় আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়াভাৱে ১২ টা বিষয় আছে। পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ আওতাত ১৫টা বিষয় আছে। ৰাজ্য চৰকাৰৰ ৫২ টা বিষয়ত কৰণীয় আছে। ইপিনে আছুৰ সাধাৰণ সম্পাক সমীৰণ ফুকনে কয় যে অসম চুক্তিৰ ৬ নং দফাৰ অনুসৰি খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাৰ ক্ষেত্ৰত বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰস্তুত কৰা প্ৰতিবেদনৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা সন্দৰ্ভত আলোচনাত মিলিত হওঁ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ আওতাত পৰা ৩৮ টা পৰামৰ্শ শীঘ্ৰেই কাৰ্যকৰীকৰণৰ সন্দৰ্ভত কৰ্মপন্থা নিৰূপণ কৰা হয়৷ সন্থাৰ তৰফৰ পৰা এই প্ৰক্ৰিয়াক ত্বৰান্বিত ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কৰণীয়খিনি উনুকিয়াই দিয়া হয়৷ শীঘ্ৰেই এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ স’তে এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদ্যোগ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ সমীৰণ ফুকনৰ মতে, আজিৰ আলোচনাৰ কেইটামান মূল সিদ্ধান্ত এনেধৰণৰ৷ (১) জনজাতীয় বেল্ট-ব্লকসমূহ ইতিমধ্যে সুৰক্ষিত। ইয়াৰ উপৰিও আন অঞ্চলসমূহৰ ৰাজহ চক্ৰত মাটিৰ অধিকাৰ আৰু ক্ৰয়-বিক্ৰয় কেৱল অসমীয়া মানুহৰ মাজত সীমাবদ্ধ থাকিব। এই সন্দৰ্ভত যাৱতীয় আইনৰ খচৰা প্ৰস্তুত কৰি থকা হৈছে। (২) ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া বিষয়টো বাধ্যতামূলক হ’ব। বিটিআৰ অঞ্চলত বড়ো/অসমীয়া বিষয় বাধ্যতামূলক হ’ব। বৰাক উপত্যকা আৰু পাৰ্বত্য জিলা সম্পৰ্কত পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰা হ’ব। (৩) ২০২৬ শিক্ষা বৰ্ষৰ পৰা অষ্টম শ্ৰেণীলৈকে ‘অসম বুৰঞ্জী’ বাধ্যতামূলক হ’ব। অসম চৰকাৰৰ উদ্যোগত এখনি ‘অসমীয়া মানুহৰ ইতিহাস’ প্ৰস্তুত কৰি উলিওৱা হ’ব। (৪) অসমৰ সত্ৰ সমূহৰ সৰ্বাংগীন উন্নয়নৰ বাবে আৰু সত্ৰ সম্পৰ্কীয় যিকোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ এখন শক্তিশালী বোৰ্ড গঠন কৰা হ’ব। এই বোৰ্ড স্বায়ত্বশাসিত হ’ব। তিনি মাহৰ ভিতৰত এই সম্পৰ্কীয় বিধেয়ক প্ৰস্তুত কৰা হ’ব। সত্ৰ, নামঘৰকে ধৰি অন্যান্য খিলঞ্জীয়া ধৰ্মীয় অনুষ্ঠানসমূহক বিধিগত সুৰক্ষা প্ৰদান কৰা হ’ব। (৫) ৰাজ্যভাষা আইন নিখুঁতভাবে কাৰ্যকৰী কৰা হ’ব। অসম চৰকাৰৰ সকলো নিৰ্দেশনা অহা ১৪ এপ্ৰিলৰ পৰা অসমীয়াত প্ৰকাশ পাব। ইংৰাজীতো থাকিব। অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো আইন, অধিসূচনা, নিয়মাৱলী, নিৰ্দেশাৱলী অসমীয়া ভাষাতো প্ৰকাশৰ ব্যৱস্থা কৰিব। এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় বা ডিব্ৰুগড় বিশ্ববিদ্যালয়ক অনুবাদৰ বিশেষ প্ৰকল্পৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হ’ব। অসম চৰকাৰেও অনুবাদৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব। (৬) ৰাজ্যভাষা প্ৰয়োগ সঞ্চালকালয়টো পূৰ্ণ পৰ্যায়ৰ স্বতন্ত্ৰ সঞ্চালকালয় হিচাপে গঢ়ি তোলা হ’ব। প্ৰয়োজনীয় আন্তঃগাঁথনি, নিয়োগৰ ব্যৱস্থা কৰা হ’ব। (৭) ভূমি সংক্ৰান্তীয় সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ Land Administration ৰ ২০০০ অতিৰিক্ত পদ সৃষ্টি কৰা হ’ব। তিনি বছৰৰ ভিতৰত নিয়োগ সম্পূৰ্ণ কৰা হ’ব। (৮) অসম বিশ্ববিদ্যালয়ৰ শিলচৰ চৌহদত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰে সৈতে আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ তেজপুৰ চৌহদত সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা আসনৰে সৈতে অসমীয়া ভাষা বিভাগ খোলা হ’ব। অসম চৰকাৰে উদ্যোগ লৈ এবছৰৰ ভিতৰত এই সিদ্ধান্ত কাৰ্যকৰী কৰিব। (৯) এক বিশেষ জৰীপৰ জৰিয়তে এবছৰৰ ভিতৰত অসমৰ ‘মূল কৃষিভূমি’ (Prime Agricultural Land) বাছনি কৰি উলিওৱা হ’ব। চৰকাৰৰ অনুমতি অবিহনে এনে ভূমি অনাকৃষি কাৰ্য্যত ব্যৱহাৰ কৰিব পৰা নাযাব। (১০) ‘কৃষি অনুপযোগী ভূমি’ বাছনি কৰিবলৈ জৰীপ চলোৱা হ’ব। এনে ভূমিক ঔদ্যোগিক ভূমি হিচাপে ঘোষণা কৰা হ’ব। (১২) অসমত Land Record সংৰক্ষণ ব্যৱস্থা এতিয়াও সুশৃংখলিত নহয়। সেয়েহে অসমত ভূমিৰ তথ্য সংৰক্ষণৰ বাবে ভূ-আধাৰ (ULPIN) ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব। ভূ-আধাৰ আৰু ভূমিৰ গৰাকীৰ আধাৰ কাৰ্ড সংলগ্ন কৰি বিশেষ প্ৰমাণ-পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। (১৩) প্ৰতিখন জিলা সদৰত একোটিকৈ অত্যাধুনিক বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হ’ব। তিনিটা পৰ্যায়ত এই কাম সম্পূৰ্ণ কৰা হ’ব। (১৪) অসমৰ প্ৰত্যেক জনজাতি, জনগোষ্ঠীৰ বাবে প্ৰতিখন জিলাত এটিকৈ বহুমুখী সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰা হ’ব। সংশ্লিষ্ট জনজাতি, জনগোষ্ঠীসমূৰ সৈতে আলোচনা কৰি স্থান নিৰ্ধাৰণ কৰা হ’ব। (১৫) অসমীয়া আৰু অন্যান্য জনজাতীয়-জনগোষ্ঠীয় ভাষাৰ বাবে গুৱাহাটীত এটি আধুনিক ‘বহুভাষিক কেন্দ্ৰীয় পুথিভঁৰাল’ নিৰ্মাণ কৰা হ’ব। (১৬) কোঁচবিহাৰস্থিত মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে অসম চৰকাৰে ৫০ কোটি টকাৰ আৱণ্টন দিব৷ মধুপুৰ ক্ষেত্ৰক ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰিবৰ বাবে কেন্দ্ৰ চৰকাৰক ৰাজ্য চৰকাৰে অনুৰোধ জনাব৷ (১৭) অসম চুক্তি অনুসৰি স্থাপিত শ্ৰীমন্ত শংকৰদেৱ কলা ক্ষেত্ৰলৈ ১০০ কোটি টকাৰ বিশেষ পেকেজ চৰকাৰে প্ৰদান কৰিব৷ দুটা বিত্তীয় বৰ্ষত ৫০ কোটি টকাকৈ লাভ কৰিব লগা এই অনুদান ব্যয়ৰ ক্ষেত্ৰত আছুৰ লগত আলোচনাৰ মাধ্যমেৰে কলাক্ষেত্ৰ কতৃপক্ষই সিদ্ধান্ত ল’ব৷ (১৮) মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়লৈ অসম চৰকাৰে দুটা কিস্তিত সাংস্কৃতিক,শৈক্ষিক আৰু গৱেষণাধৰ্মী কৰ্মসূচীৰ বাবে সৰ্বমুঠ ৫০ কোটি টকা প্ৰদান কৰিব৷ (১৯) জ্যোতি চিত্ৰবনৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হ’ব৷ জ্যোতি চিত্ৰবনৰ আগন্তুক দিনৰ ৰূপৰেখা প্ৰস্তুত কৰিবৰ বাবে ৩ গৰাকী বিশিষ্ট সংস্কৃতিবিদ আৰু ৩ গৰাকী আছুৰ প্ৰতিনিধিক লৈ এখন সমিতি গঠন কৰা হ’ব৷ সমিতিৰ পৰামৰ্শৰ ভিত্তিত প্ৰকল্প ৰূপায়নৰ ব্যৱস্থা কৰা হ’ব৷ জ্যোতিচিত্ৰবনৰ কৰ্মচাৰীসকলক অসম চৰকাৰৰ অধীনলৈ অনা হ’ব আৰু তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰৰূপে গণ্য কৰা হ’ব৷ (২০) আজানপীৰৰ দ্বাৰা ৰচিত জিকিৰ আৰু জাৰী সমূহক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব৷ এই সমূহ চৰকাৰে অন্যান্য জনজাতীয়-জনগোষ্ঠীয় ভাষালৈ ছমাহৰ ভিতৰত অনুবাদ কৰাৰ ব্যৱস্থা কৰিব৷ ৫২টা পৰামৰ্শৰ বাকীকেইটা পৰামৰ্শ সন্দৰ্ভত কৰ্মপন্থা নিৰূপন কৰিবলৈ অহা মাৰ্চ মাহত পুনৰ আছু আৰু অসম চৰকাৰৰ আলোচনা অনুষ্ঠিত হ’ব। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়সমূহ কাৰ্যকৰী কৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আছুৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাইছে।