

শংকৰজ্যোতি বৰুৱা কাণ্ডত আছুৰ ভিতৰচৰাত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে৷ তাৰ মাজতে আজি আছুৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই শংকৰজ্যোতি বৰুৱাক বিশেষ পৰামৰ্শ প্ৰদান কৰিছে৷ আছুৰ সভাপতি উৎপল শৰ্মাই শংকৰজ্যোতি বৰুৱাক অব্যাহতি বা ছুটী ল’বলৈ পৰামৰ্শ দিছে৷ উৎপল শৰ্মাই কয় ‘‘সমগ্ৰ অসমত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমুজ্জ্বল দা আৰু মই শংকৰক অব্যাহতি বা ছুটী ল’বলৈ পৰামৰ্শ আগবঢ়াইছো। আমি গুৰুত্বসহকাৰে বিষয়টো গ্ৰহণ কৰিম। আশা ৰাখিছো ইতিবাচক সঁহাৰি দিব।
ইপিনে উৎপল শৰ্মাই কয় যে গোচৰ ৰুজু বিষয়টো আইনী বিষয়। আদাতলৰ কাম আদালতে কৰিব। যুৱতীগৰাকীও আছুৰ এগৰাকী সক্ৰিয় সদস্যা। আশা ৰাখিছো শংকৰজ্যোতি বৰুৱাই ইতিবাচক সঁহাৰি জনাব। তদ্ৰুপ পৰামৰ্শই আগবঢ়াইছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ উৎপল শৰ্মা আৰু ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰামৰ্শ আছুৰ গৰিমা ৰক্ষাত সহায় কৰিবনে? নে উৎপল শৰ্মা আৰু ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য শংকৰজ্যোতি বৰুৱাক ৰক্ষণা-বেক্ষণ দিলে নেকি উৎপল-সমুজ্জ্বলে প্ৰয়াস কৰিছে৷ তাকে লৈ চৰ্চা আৰম্ভ হৈছে৷
উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ শংকৰজ্যোতিয়ে প্ৰেম প্ৰতাৰণা কৰি শাৰীৰিক শোষণ কৰাৰ লগতে হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল৷