‘স্মাৰ্ট মিটাৰ হৈছে বিজেপি চৰকাৰৰ দিন ডকাইটিৰ উদাহৰণ’

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা৷ বুধবাৰে সামাজিৰ মাধ্যমত ক্ষোভ উজাৰি স্মাৰ্ট মিটাৰক বিজেপি চৰকাৰৰ দিন ডকাইটি বুলি আখ্যা দিয়ে সাংসদ ভূঞাই৷

ফেছবুকত তেওঁ লিখে,

স্মার্ট মিটাৰ। বিজেপি চৰকাৰৰ দিন ডকাইটিৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে স্মার্ট মিটাৰ। সাধাৰণ মানুহক এই স্মার্ট মিটাৰে লুটি পুটি নি:শেষ কৰি তুলিছে।

সমগ্র অসমত প্ৰায় ৭০ লাখ স্মার্ট মিটাৰ সংযোগৰ বিপৰীতে ইতিমধ্যেই সংযোগ দিয়া হৈছে ২৫ লাখ। কিন্তু আন ৰাজ্যসমূহৰ তথ্য চালে দেখা যায় যে স্মার্ট মিটাৰ সংযোগৰ ক্ষেত্রত ৰাজ্য চৰকাৰসমূহে দৃঢ় স্থিতি গ্ৰহণ কৰিছে। অৰ্থাৎ স্মার্ট মিটাৰৰ সংযোগৰ সিদ্ধান্ত মানি লোৱা নাই। কিছু কিছু ৰাজ্যত অলপ সংখ্যক সংযোগ হ’লেও অসমৰ দৰে ঘৰে ঘৰে ইমান ব্যাপক পৰ্যায়ত কোনো ৰাজ্যত স্মার্ট মিটাৰ সংযোগ হোৱা নাই। আনকি বিজেপি শাসিত ৰাজ্য গুজৰাট, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰটো হোৱা নাই। বিজু জনতা দল, তৃণমূল কংগ্রেছ আদি দলে নিজ নিজ শাসিত ৰাজ্যত স্মার্ট মিটাৰ সংযোগৰ আপত্তি কৰিছে।

কিন্তু প্রশ্নটো হ’ল অসমত কিয় হৈছে। সাধাৰণ ৰাইজৰ ইমান দুৰ্ভোগ স্বত্বেও স্মার্ট মিটাৰ সংযোগৰ ক্ষেত্ৰত অসম চৰকাৰ ইমান তৎপৰ হৈছে কিয়? ইতিমধ্যে তথ্যৰ পৰা এইটো গম পোৱা হৈছে যে স্মার্ট মিটাৰ সংযোগৰ নামত ৫ হাজাৰ কোটি ৰাজকোষৰ পৰা উলিয়াই দিয়া হৈছে। গতিকে যিসকল কোম্পানিয়ে স্মার্ট মিটাৰ সংযোগৰ ঠিকা লা’ভ কৰিছে সেইসমূহৰ লগত অসমৰ ডাঙৰ ৰাজনীতিবিদৰো কিবা হাত আছে নেকি? স্মার্ট মিটাৰৰ নামত সাধাৰণ মানুহৰ বিদ্যুৎ বিল আগতকৈ ২/৩ গুণ বেছি আহিছে। সাধাৰণ মানুহক ভাতে মাৰি কাৰ ষড়যন্ত্র আৰু পকেট গৰম হোৱাৰ স্বাৰ্থত অসমত প্ৰায় ৭০ লাখ স্মার্ট মিটাৰ সংযোগৰ ঠিকাৰ ব্যৱস্থা কৰা হৈছে সেইটো আজিৰ দিনত আটাইতকৈ ডাঙৰ বিষয়।

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে