অনুসূচিত জাতিৰ নামত সংঘটিত দুৰ্নীতিৰ তদন্তৰ দাবীত CMক স্মাৰক, জংগী আন্দোলনৰ হুংকাৰ

অসমত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে আৱণ্টিত ধন কাৰ জেপত সোমাই৷ এই কথা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে৷ কিয়নো অনুসূচিত জাতিৰ বাবে আৱণ্টন দিয়া ধন কাৰ পকেটলৈ যায় সেই কথা অনুমান পোৱা গৈছিল এটা সংগঠনে শেহতীয়াকৈ সৰৱ হৈ থকা এক দুৰ্নীতিক লৈ৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ নামৰ সংগঠনটোৱে শেহতীয়াকৈ অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ১৪০ কোটি টকাৰ বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ আনিছে৷ ইতিমধ্যে সংগঠনটোৱে অনুসূচিত জাতি সঞ্চালকালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ৰাষ্ট্ৰীয় অনুসূচিত জাতি আয়োগে অসমৰ মুখ্য সচিবক তদন্ত কৰি প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ নিৰ্দেশ দিছিল যদিও তদন্ত কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ পুনৰবাৰ সংগঠনটোৱে অসমৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰি ১৪০ কোটি টকীয়া দুৰ্নীতিৰ তদন্ত এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত কৰিবলৈ দাবী উত্থাপন কৰিছে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাস আৰু সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি হাজৰিকাই দুৰ্নীতিৰ সঠিক তদন্ত নোহোৱাত তীব্ৰ ক্ষোভ ব্যক্ত কৰি কয় যে দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ আয়ুক্ত সচিবক আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো৷ শেষৰবাৰ ৰাজ্য চৰকাৰৰ মুৰব্বীক স্মাৰক পত্ৰ প্ৰদান কৰিছো৷ যদি দুৰ্নীতিৰ তদন্ত কৰে কৰক৷ অন্যথাই জংগী আন্দোলন কৰিবলৈ আমি সাজু হৈছো৷ স্মাৰক পত্ৰ যোগে সংগঠনটোৱে মুখ্যমন্ত্ৰীক কয় যে ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে ২০২২-২৩ বৰ্ষত আঁচনি যুগুত কৰি অনুসূচিত জাতিৰ হিতাধিকাৰীক একোটাকৈ টিভি, টিভি থবলৈ প্লাষ্টিকৰ চেবুল-চকী, প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ দিয়াৰ ব্যৱস্থা কৰিছিল৷ টিভি আৰু পাকঘৰৰ সামগ্ৰী প্ৰদানৰ নামত ১৪০ কোটি টকা আৱণ্টন দিয়া বুলি অৱগত৷ ঠিকা লাভ কৰিছিল বিতৰ্কিত ঠিকাদাৰ নুপূৰ চাহাই৷ কিন্তু সামগ্ৰী বিতৰণৰ নামত বৃহৎ অনিয়ম হোৱা প্ৰত্যক্ষ কৰি বিভিন্ন কৰ্তৃপক্ষক অৱগত কৰিছিলো৷ কিন্তু আজিলৈ উচ্চ পৰ্যায়ৰ তদন্ত কৰা নহ’ল৷ হিতাধিকাৰীক দিয়া প্লাষ্টিকৰ চকীসমূহ ইমানে পাতল যে মানুহে বহিবই নোৱাৰে৷ টেবুলখনৰো অৱস্থা একেই৷ পাকঘৰৰ সামগ্ৰীসমূহ যেনে প্লাষ্টিকৰ মগ, বাল্টি, প্লাষ্টিকৰ কণ্টেইনাৰ, গেছৰ চৌকা, প্ৰেচাৰ কুকাৰ আদি প্ৰদান কৰা হৈছে৷ টিভিসমূহো ব্ৰেণ্ডেড নহয় আৰু অত্যন্ত কম দামৰ৷ বজাৰত ৬০০ টকাত লাভ কৰা প্ৰেচাৰ কুকাৰ কিনি ২৭০০ টকা দেখুৱাইছে৷ ২৩ হাজাৰ টকীয়া টিভি ৫৯ হাজাৰ টকাত কিনা দেখুওৱা হৈছে৷ এই সামগ্ৰীসমূহ নিম্ন মানদণ্ডৰ আৰু ব্যৱহাৰৰ অনুপযোগী৷ মুখ্যমন্ত্ৰীক স্পষ্ট কৰি কয় যে এই দুৰ্নীতিত জড়িত সঞ্চালিকা কুলশ্ৰী নাথ, সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰ৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়টোৰ ত্ৰিমূৰ্তি কুলশ্ৰী নাথ, ষ্টেনোগ্রাফাৰ সুবৰ্ণময় দেৱ আৰু প্ৰকল্প বিষয়া লিটন মিত্ৰৰ বিৰুদ্ধে তদন্ত কৰক৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগত সংঘটিত এই দুৰ্নীতিৰ তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত তদন্ত সমিতি গঠন কৰক৷ সুবৰ্ণময় দেৱ নামৰ ষ্টেনোগ্রাফাৰজন প্ৰায় ৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী৷ নিবিদাৰ নিয়ন্ত্ৰণ আৰু ঠিকাদাৰ তেওঁৰ হাতত৷ সুবৰ্ণময় দেৱৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা, আয়কৰ বিভাগ আৰু অসমৰ চিআইডিৰ দ্বাৰা তদন্ত কৰা হওক৷ প্ৰায় ৫০ হাজাৰ টকা দৰমহা পোৱা এজন লোকে কেইটামান বছৰৰ ভিতৰত ইমান সম্পত্তি গঢ়িলে কেনেকৈ? আয়তকৈ তেওঁৰ সম্পত্তি অধিক৷ সেয়েহে আয় বহিৰ্ভূত সম্পত্তিৰ তদন্ত কৰিবলৈ আপোনাৰ অধীনত থকা সংস্থাক নিৰ্দেশ দিবলৈ আহ্বান জনাই অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত ষ্টেনোগ্রাফাৰ পদৰ প্ৰয়োজনীয়তা নাই বুলি উল্লেখ কৰি সুবৰ্ণময় দেৱক শীঘ্ৰে ডেপুটেচনত অন্য কাৰ্যালয়লৈ বদলি কৰাৰ দাবী জনায়৷ লগতে লিটন মিত্ৰ অৰ্থনৈতিক পৰিসংখ্যা বিভাগৰ কৰ্মচাৰী। অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা শীঘ্ৰে লিটন মিত্ৰক নিজৰ বিভাগ অৰ্থনৈতিক পৰিসংখ্যা বিভাগলৈ বদলি কৰিবলৈ মুখ্যমন্ত্ৰীক পুনৰবাৰ আহ্বান জনাইছে সংগঠনটোৱে৷

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ