স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ২৫ স্থানত আলফা স্বাধীনে স্থাপন কৰা বোমা ক্ৰমে উদ্ধাৰ হৈ আছে৷ ৰাজধানী গুৱাহাটী মহানগৰীতো আলফা স্বাধীনে বোমা স্থাপন কৰিছিল যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আলফা স্বাধীনৰ বোমা স্থাপন আৰু উদ্ধাৰৰ ঘটনাক লৈ ছ’চিয়েল মিডিয়াত সৰৱ হৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ৷ অখিল গগৈয়ে নিজৰ ফেচবুক পেজত তিনিটাকৈ পোষ্ট দি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ অখিল গগৈয়ে অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কিয় কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰিছে?
অখিল গগৈয়ে এটা ফেচবুক পোষ্টত কয় ‘‘১৫ আগষ্টৰ হাই এলাৰ্টৰ মাজত ২৫টা বোমা উদ্ধাৰ হোৱাৰ পাছতো অসমৰ গৃহমন্ত্ৰীয়ে এতিয়ালৈকে পদত্যাগ কৰা নাই কিয়?
অখিল গগৈয়ে আন এটা ফেচবুক পোষ্টত কয় ‘‘১৫ আগষ্টৰ হাই এলাৰ্টৰ মাজত ২৫টা বোমা ওলাল। কাৰোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই! ডিজিপিক জবাবদিহি কৰা নাই। চোৰাংচোৱাক শাস্তি দিয়া নাই। গৃহমন্ত্ৰীয়েও পদত্যাগ কৰা নাই!! অমৃত কাল!!!’’
বিধায়ক গগৈয়ে আন এটা পোষ্টযোগে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মই সঁচাকৈ বুজা নাই৷ ২৫ টা বোমা ওলোৱাৰ পাছত গৃহ বিভাগৰ ব্যৰ্থতা লুকাই থাকিল জানো? কিন্তু কেনেকৈ সকলো প্ৰতিক্ৰিয়াহীন হৈ ৰৈ আছে? আমাৰ বন্ধুসকলো নিমাত, সংবাদ মাধ্যমো আগ্ৰহহীন। ৰহস্যময়।