
অসম বিধানসভাত আজি এপিএছচিৰ কেলেংকাৰীৰ প্ৰসংগত উত্তপ্ত হয়। অখিল গগৈয়ে ৰাকেশ পালৰ দিনত ২০১৩ আৰু ২০১৪ চনত চাকৰি পোৱা ৬১০ জনৰ বিষয়ে চাঞ্চল্যকৰ তথ্য দাঙি ধৰে। তেওঁৰ মতে, এই চাকৰিয়ালসকলক চাকৰিৰ পৰা খেদিব পৰা নাই বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।
গগৈয়ে দাবী কৰে যে ৰাকেশ পালৰ দিনত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে ২০১৩ চনত ২৪১ জন আৰু ২০১৪ চনত ১৮০ জনক চাকৰি দিয়া হৈছিল। আনহাতে, অন্য পদত ২১০ জনক নিযুক্তি দিয়া হৈছিল। মুঠ ৬১০ জনক চাকৰি দিয়া হৈছিল বুলি তেওঁ উল্লেখ কৰে। এই চাকৰিয়ালসকল এতিয়া উচ্চ পদত আছে, যেনে জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, অধ্যাপক আদি।
গগৈয়ে এই চাকৰিয়ালসকলক চাকৰিৰ পৰা খেদাৰ বাবে শাসক আৰু বিৰোধী দলৰ মাজত একমত হৈ প্ৰস্তাৱ লোৱাৰ আহ্বান জনায়। তেওঁ কয় যে এই নিযুক্তিসমূহ বাতিল কৰা উচিত, কিয়নো এপিএছচিৰ কেলেংকাৰীত জড়িত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই দাবীৰ প্ৰত্যুত্তৰত কয় যে ৰাকেশ পালৰ দিনত চাকৰি পোৱাসকলক চাকৰিৰ পৰা খেদাটো সম্ভৱপৰ নহয়। বৰ্খাস্ত কৰিলেও আদালতে খাৰিজ কৰিব। তেওঁ কয় যে চৰকাৰে ইতিমধ্যে ৩৯ জন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে, আৰু এইটো অসমৰ ইতিহাসত প্ৰথম।
মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে এপিএছচিৰ কেলেংকাৰীৰ তদন্তত গুৰুত্ব দিছে আৰু যিসকল দোষী প্ৰমাণিত হ’ব, তেওঁলোকক চাকৰিৰ পৰা খেদাৰ ব্যৱস্থা ল’ব। তেওঁ কয় যে এই কেলেংকাৰীৰ তদন্তত কোনো ৰাজনৈতিক হস্তক্ষেপ নাই আৰু আইনী প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে।
অখিল গগৈয়ে এই কেলেংকাৰীক অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী বুলি অভিহিত কৰে আৰু ইয়াৰ তদন্তত চিবিআইক জড়িত কৰাৰ দাবী জনায়। তেওঁ কয় যে এই কেলেংকাৰীৰ দ্বাৰা সমগ্ৰ ব্যৱস্থাটো ধ্বংস কৰাৰ চেষ্টা হৈছিল।
বিধানসভাত এই প্ৰসংগত উত্তপ্ত বিতৰ্ক হৈছে, আৰু শাসক আৰু বিৰোধী দলৰ মাজত তীব্ৰ বাক্যবিনিময় হৈছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক ৰাকেশ পালক নিযুক্তি দিয়াৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ কয়।
এই কেলেংকাৰীৰ তদন্ত আৰু ইয়াৰ পৰিণামসমূহ লৈ অসমৰ ৰাজনৈতিক মহলত উত্তাপ বাঢ়িছে।