গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে শ্বাহৰুখ খান৷ কিন্তু এইজন শ্বাহৰুখ খান আকৌ সেইগৰাকী বলিউদৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান নহয়৷ এইজন চোৰহে৷ গুৱাহাটীত বিভিন্ন সময়ত সংঘটিত চুৰি কাণ্ডত জৰিত আছিল বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, বহু অপৰাধত জৰিত শ্বাহৰুখ খানক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে দীৰ্ঘদিনৰ পৰা জাল পাতিছিল৷ অৱশেষত শনিবাৰে আৰক্ষীৰ জালত পৰে শ্বাহৰুখ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অপৰাধ সংঘটিত কৰা শ্বাহৰুখে গুৱাহাটীত গোপনে বাহৰ পাতি আছিল৷