বিটিআৰৰ ই.এমৰ নিকৃষ্ট কাণ্ড, পত্নী থকাৰ পাছতো মেছেজত যৌন সুখ লোৱাৰ অভিযোগ

গুৱাহাটীঃ ৰাজনৈতিক দলৰ নেতাৰ নাৰী কেলেংকাৰী নতুন কথা নহয়৷ এইবাৰ বিটিআৰৰ এজন নেতাৰ বিৰুদ্ধে অনলাইন যৌন সুখ লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ বিটিআৰৰ বিজেপি নেতা তথা প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদৰ কাৰ্যবাহী অৰূপ কুমাৰ দেৰ বিৰুদ্ধে উত্থাপিত গুৰুতৰ অভিযোগে বিটিআৰৰ ৰাজনীতি গৰম কৰিছে৷ প্ৰমোদ বড়োৰ ঘনিষ্ঠ ই.এম অৰূপ কুমাৰ দেৰ বিৰুদ্ধে নাৰীক অসন্মান কৰাৰ লগতে নাৰীক যৌনকামনা পূৰণৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অৰূপ কুমাৰ দেয়ে হোৱাটছএপত দিয়া মেছেজৰ স্ক্ৰীণশ্বুট ভাইৰেল হোৱাৰ পাছতে সমগ্ৰ বিটিআৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ পূৰ্ব বিটিআৰত সাম্প্ৰদায়িক হিংসা লগাব খুজি বিতৰ্কত সোমাই পৰা অৰূপ কুমাৰ দেয়ে এগৰাকী নাৰীৰ সৈতে হোৱাটছএপ যোগে কৰা বাৰ্তালাপ ভাইৰেল হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিটিআৰৰ স্বাস্থ্য বিভাগৰ ই.এম অৰূপ কুমাৰ দেয়ে হোৱাটছএপত যৌনগন্ধী বাৰ্তালাপ কৰাৰ লগতে শাৰীৰিক সম্পৰ্ক কৰিবলৈ এগৰাকী নাৰীক বাৰে বাৰে লগ ধৰিবলৈ জোৰ দিয়াৰ কেইবাটাও স্ক্ৰীণশ্বুট ভাইৰেল হৈছে৷ ইতিমধ্যে গুৱাহাটীৰ পৰা প্ৰকাশিত ‘আমাৰ অসম’ আৰু বিটিআৰৰ সংবাদমাধ্যমত এই বাতৰি সবিস্তাৰে প্ৰকাশ পাইছে৷

এনে যৌন কেলেংকাৰীত নাম সাঙোৰ খোৱাত বিগত কিছুদিন ধৰি লোকচক্ষুৰ পৰা আতৰি আছে অৰূপ কুমাৰ দে৷ জানিব পৰা মতে, বহুবল্কি অৰূপ কুমাৰ দেয়ে সময়ে সময়ে বিশেষ ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে ঘৃণা বিয়পাবৰ বাবে মন্তব্য প্ৰদান কৰি আহিছে। তাৰ মাজতে ৯৩৬৫৫২৫২৩০ নম্বৰৰ পৰা এগৰাকী নাৰীক বাৰে বাৰে অশ্লীল মেছেজ দিয়াৰ লগতে লগ ধৰিবলৈ জোৰ দিয়া দেখা গৈছে। যি বাৰ্তালাপ সভ্য মানুহে পঢ়িব নোৱাৰে। পত্নী আৰু সন্তান থকাৰ পাছতো হোৱাটছএপত অইন নাৰীৰ সৈত যৌনগন্ধী বাৰ্তালাপ কৰি যৌন সুখ লোৱাল গুৰুতৰ অভিযোগৰ পাছতে বিজেপি দলৰ একাংশ নেতাই অৰূপ কুমাৰ দেৰ সংগ ত্যাগ কৰিছে যদিও আন একাংশ নেতাই অৰূপ কুমাৰ দে নিৰ্দোষী বুলি ক’ব খোজে। আনহাতে খোদ অৰূপ কুমাৰ দেয়ে নিজকে নিৰ্দোষী আৰু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ হোৱা বুলিহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আনহাতে স্ক্ৰীণ শ্বুট কেইটাৰ ভিত্তিত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছে অৰূপ কুমাৰ দেয়ে৷

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ