
সংযুক্ত মুক্তি বাহিনী স্বাধীনে আগন্তুক স্বাধীনতা দিৱস বৰ্জন কৰাৰ লগতে ১৫ আগষ্টৰ মাজনিশাৰ পৰা ৰাজ্যব্যাপী বন্ধ ঘোষণা কৰিছে৷ সন্ধিয়া ৬ বজালৈকে এই বন্ধ অব্যাহত থাকিব। সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ এই ঘোষণাৰ পাছতে সষ্টম হৈছে অসম আৰক্ষী৷
আলফাৰ এই ঘোষণাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ উজনি অসমত অসম আৰক্ষী, কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী, সেনা, অসম ৰাইফলছ আৰু বিভিন্ন চোৰাংচোৱা সংস্থাৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সতৰ্ক কৰা বুলি কয় সিঙে৷ সিঙে আৰু কয় যে যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ কঠোৰ ব্যৱস্থা কৰা হৈছে৷ উগ্ৰপন্থীক প্ৰতিহত কৰিবলৈ সীমান্ত অঞ্চলত অভিযান আৰম্ভ কৰা হৈছো৷