একেটা সপ্তাহতে পুনৰ ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব অসম চৰকাৰে…

ডিজিটেল সংবাদঃ  পুনৰ ঋণ ল’ব অসম চৰকাৰে। হিতাধিকাৰী সৃষ্টিৰ বাবে ৰাজকোষৰ পৰা বছৰি হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা ৰাজ্য চৰকাৰে আকৌ ৰিজাৰ্ভ বেংকৰ পৰা ল’ব ঋণ। বিত্তীয় পৰিস্থিতি যিয়েই নহওক কিয়, ৰাজ্য চৰকাৰখনে নির্বাচনমুখী আঁচনি পৰিহাৰ কৰা নাই । হিতাধিকাৰীৰ পৰিসৰ ক্ৰমাৎ বৃদ্ধি কৰি গৈছে । তাৰ বাবেই অহা ৮ অক্টোবৰত ৰাজ্য চৰকাৰে পুনৰ ৭৫০ কোটি টকাৰ ঋণ ল’ব । লক্ষণীয় বিষয় যে যোৱা ১ অক্টোবৰত ৰাজ্য চৰকাৰে ৭৫০ কোটি টকাৰ ঋণ লৈছিল ।

পুনৰ ঋণ লোৱাৰ পাচত কেৱল ৰিজাৰ্ভ বেংকৰ পৰা লোৱা মুঠ ঋণৰ পৰিমাণ হ’ব ১,৫৮,৭৫০ কোটি টকা । শেহতীয়াকৈ আগষ্ট মাহৰ ১ আৰু ২৭ তাৰিখে এক হাজাৰ কোটিকৈ আৰু ছেপ্টেম্বৰ মাহত এটা সপ্তাহতে অৰ্থাৎ ১৭ আৰু ২৪ তাৰিখে দুবাৰকৈ ঋণ লৈছে ৰাজ্য চৰকাৰে ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ বিত্তীয় পৰিস্থিতি সংকটত থকাৰ পাছতো ৩৭.২ লাখ মহিলাক প্ৰতিমাহে ১২৫০ টকাকৈ বছৰি ৫,২০০ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰি আছে । স্কুটী, চাইকেল বিতৰণৰ বাবদ ৭৭৫ কোটি, নিযুত মইনাৰ বাবদ ২৪০ কোটি, উদ্যমিতা অভিযানত ৩ হাজাৰ কোটি, মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইত ৫৫০ কোটি, আত্মনিৰ্ভৰ অসমত ১০১০ কোটি, বিহু-পূজা-ভাওনা কমিটীক সাহায্যত ৩০০ কোটি টকা নির্বাচনক লক্ষ্য কৰিয়েই ব্যয় কৰিব ৰাজ্য চৰকাৰে ।

ৰাজ্য পৰিচালনাৰ বাবে বিত্ত বিভাগে লোৱা ঋণৰ পৰিমাণ ১,৫৮,৭৫০ কোটি টকালৈ বৃদ্ধি হোৱাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টি কৰি ৭ খন আঁচনিৰ বাবদ বছৰি ব্যয় কৰিব ১১,০৭৫ কোটি টকা । তদুপৰি, নগদ ধন আদায় দিয়া বিভিন্ন আঁচনিও আছে চৰকাৰখনৰ।মুঠতে পুনৰ ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা জাপি দিব চৰকাৰে।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক