

ডিজিটেল ডেস্কঃ আদানীক এইবাৰ গতাই দিবলৈ লৈছে প্ৰকৃতিৰ ৰাণী, উত্তৰ-পূবৰ ছুইজাৰলেণ্ড খ্যাত ডিমা-হাছাওৰ হাজাৰ হাজাৰ বিঘা মাটি। ডিমা হাছাওৰ উমৰাংছুত আদানী গ্ৰুপে এটা বৃহত্ চিমেণ্ট উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ তত্পৰতা আৰম্ভ কৰিছে। আদানী গ্ৰুপৰ এই চিমেণ্ট উদ্যোগৰ বাবে ষষ্ঠ অনুসূচী এলেকাত চৰকাৰে আদানী গ্ৰুপক প্ৰায় ৯০০০ বিঘা মাটি আবণ্টন দিবলৈ সাজু হৈছে।
বিষয়টোক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে ডিমা হাছাওত। উক্ত ভূমিখিনি জৰীপ চলাই আদানী গ্ৰুপক গতাই দিয়াৰ উদ্দেশ্যেৰে যোৱা চৰকাৰৰ প্ৰতিনিধিক আৱদ্ধ কৰি স্থানীয় দল-সংগঠন তথা ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে। সকলোৰে স্পষ্ট দাবী যে, কোনো পধ্যেই এই মাটি আদানীক গতাই দিবলৈ দিয়া নহব। জৈৱ বৈচিত্ৰক প্ৰভাৱ পেলাব পৰা এনে সিদ্ধান্ত চৰকাৰক প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰিছে সকলোৱে।
প্ৰতিবাদকাৰী সকলে এই বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আশা কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হোৱাৰো পোষকতা কৰিছে। স্থানীয় ৰাইজৰ সৈতে কোনো কথা আলোচনা নকৰাকৈ অসম চৰকাৰৰ বন বিভাগে উক্ত ভূমিখিনি আদানী গ্ৰুপত গতাই দিয়াৰ যোজা কৰা বুলি অভিযোগ উত্থাপন কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ওমৰাংছুত স্থাপন হোৱা ইটোৰ পিছত সিটো চিমেন্ট উদ্যোগে পৰিৱেশটোৰ পাৰিপাশ্বিকতা ইতিমধ্যে ধ্বংস কৰিছে। এই তথ্য বিভিন্ন সমীক্ষাত প্ৰকাশ পোৱাৰ পাছতে এতিয়া স্থানীয় ৰাইজ উদ্বিগ্ন হৈ পৰিছে।
ডিমা-হাচাওৰ অন্তৰ্গত এই ৯০০০বিঘা মাটিৰ অন্তৰ্গত হৈ আছে প্ৰায় ৯খন গাওঁ। বৰলিংচিংদাং, চেৰচৰাংছু, বৰলাং, চুইলাং, চিংকিলাংচু, হাইৱেলাংচ, চুলিকিংদং আদিকে ধৰি ৯খন গাঁৱৰ ভূমি আদানীক গতাই দিয়াৰ বাবে সকলো চিন্তা-চৰ্চা ইতিমধ্যে সম্পন্ন হৈছে।
ইফালে উক্ত প্ৰসংগক লৈ বিৰোধীয়েও চৰকাৰক তীব্ৰ কটাক্ষ কৰিছে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয় যে, আদানী গ্ৰুপক অন্য ভিন্ন ধৰণে সহায় কৰাৰ পাছত এইবাৰ অসমৰ ভূমি হিমন্ত বিশ্ব শৰ্মাই গতাই দিয়াৰ পাছত প্ৰমাণ হল যে, তেওঁ এতিয়া অসমৰ মুখ্যমন্ত্ৰীতকৈ বেছি আদানী গ্ৰুপৰ চাকৰিয়াল হে হৈ পৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ বৰ্ষৰে আগষ্ট মাহত উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে উমৰাংচোৰ পৰা ১৫ কিলোমিটাৰ দূৰত ছোট লাৰকং গাঁৱত চিমেণ্ট উদ্যোগ স্থাপনৰ বাবে জে পি লক্ষ্মী চিমেন্টক ২০০০ বিঘা ভূমি আৱণ্টন কৰিছিল । গাঁৱৰ ৰাইজৰ সৈতে আলোচনা অবিহনে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে তীব্ৰ প্ৰতিবাদো সাব্যস্ত হৈছিল । আৰু এই ঘটনাৰ প্ৰায় ২মাহৰ পাছতে অসম চৰকাৰে আদানী গ্ৰুপক গতাই দিবলৈ লৈছে ৯০০০বিঘা মাটি।