তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰি ৰঙাঘৰত সোমাল শিক্ষক…

ডিজিটেল সংবাদঃ  ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। পৰীক্ষা শেষ হোৱাৰ পাছতেই চাকৰি দিয়াৰ নামত ওলাইছে ঠগ, প্ৰৱঞ্চক । চৰকাৰী চাকৰি দিয়াৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহত নামি পৰিছে খোদ চৰকাৰী শিক্ষক ।

নগাঁৱৰ পূব ছিলনী মোক্তাব স্কুলৰ শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰাই বহু লোকৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰিছে জিলা আৰক্ষীয়ে ।৪গৰাকীকৈ ব্যক্তিৰ পৰা অভিযোগ লাভ কৰি নগাঁও আৰক্ষীয়ে শুকুৰবাৰে প্ৰথমে আটক কৰি সোধা-পোছা কৰে।

পাছত এক গোচৰ ৰুজু কৰি প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰে শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰাক। চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত শিক্ষক মুন বৰাৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত 984/24 নম্বৰত ভাৰতীয় ন্যায় সংহিতাৰ 61(2)/118(4)/308(2) অধীনত গোচৰ ৰুজু কৰিছে ।

  • Brahmaputra Times

    Related Posts

    নৃত্যাচাৰ্য যতীন গোস্বামীলৈ ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা

    ডিজিটেল ডেস্কঃ  সোমবাৰে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বটবৃক্ষ স্বৰূপ মহান শিল্পী, সাহস, অনুপ্ৰেৰণাৰ প্ৰতীক পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামীক ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা প্ৰদান কৰে।…

    অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় মঙলদৈবাসীৰ

    ডিজিটেল ডেস্কঃ  আজি বিজয়া দশমী। অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিলে ভক্তগণে। ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতে নদীত বিসৰ্জন দিয়ে দুৰ্গা দেৱীৰ মৃণ্ময় প্ৰতিমা । মহিলাসকলে পৰম্পৰাগতভাৱে খেলিলে সেন্দুৰ । লগে লগে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক