কোনে থৈ গ’ল বোমা? ওলিয়াব পৰা নাই আৰক্ষীয়ে! পাতিছে ইখনৰ পিছত সিখন বৈঠক

স্বাধীনতা দিৱসত অসমৰ ভিন্ন প্ৰান্তত আলফাৰ বোমা সংৰোপন সন্দৰ্ভত অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰিছে উচ্চস্তৰীয় বৈঠক। শনিবাৰে শিৱসাগৰত অনুষ্ঠিত বৈঠকৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ দেওবাৰে ডিব্ৰুগড়ত আন এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰে অসম আৰক্ষীয়ে।

দেওবাৰে ডিব্ৰুগড়ত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠক
দেওবাৰে ডিব্ৰুগড়ত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠক

উজনি অসমৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক উপস্থিত থাকে এই বৈঠকত। অসম আৰক্ষীৰ SDGP হৰমীত সিং, IGP পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত অনুষ্ঠিত হৈছে এই বৈঠক। ডিব্ৰুগড়ৰ দৌলতসিং নেগী আৰক্ষী অতিথিশালাত অনুষ্ঠিত হৈছে এই বৈঠক। ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকৰ উপৰিও ধেমাজি আৰু শদিয়া জিলা আৰক্ষী অধীক্ষকেও এই বৈঠকত অংশ গ্ৰহণ কৰে।

দৌলতসিং নেগী আৰক্ষী অতিথিশালাত অনুষ্ঠিত বৈঠক
দৌলতসিং নেগী আৰক্ষী অতিথিশালাত অনুষ্ঠিত বৈঠক

উল্লেখ্য, নিষিদ্ধঘোষিত সংগঠন আলফা স্বাধীনে এইবাৰো অসমৰ জনসাধাৰণক স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছিল। এক ভিডিঅ’ বাৰ্তা যোগে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই ১৫ আগষ্টত সামৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও সদৰি কৰিছিল। সেই অনুসৰি অসমৰ গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ কুৰিৰো অধিক ঠাইত বোমা সংৰোপন কৰাৰ কথা ১৫ আগষ্টৰ দিনটোত জানিবলৈ দিয়ে। এই খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি।

আলফাই সংৰোপন কৰা বোমাৰ ঠাই
আলফাই সংৰোপন কৰা বোমাৰ ঠাই

অৱশ্যে আলফাই সংৰোপন কৰা এটা বোমাও নুফুটিল যদিও ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতাৰ ওপৰত এক ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হয়। ইতিমধ্যে এই গোচৰৰ তদন্ত চলি থকাৰ সমান্তৰাকৈ অসম আৰক্ষীয়েও ব্যাপক তত্পৰতা প্ৰদৰ্শন কৰি অনুষ্ঠিত কৰিছে ইখনৰ পিছত সিখনকৈ বৈঠক।

Brahmaputra Times

Related Posts

চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক