ৰাজ্যৰ ২৭খন জিলাৰ ৩৬টা ৰাজহ চক্ৰ বিষয়াৰ কার্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি এখন পত্ৰ প্ৰকাশৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ কৰিছে দল-সংগঠনে৷ চাপৰত চাপৰ ঐতিহ্য ৰক্ষা সমিতি, গোগামুখত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই৷ চাপৰ ঐতিহ্য ৰক্ষা সমিতিয়ে এই সিদ্ধান্তত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি কয় যে চাপৰবাসীয়ে কেতিয়াও এই সিদ্ধান্ত মানি নলয় বুলি কয়৷ অহা শুকুবাৰৰ পৰা নেৰানেপেৰা আন্দোলন গঢ়ি তোলা হ’ব৷ গোগামুখ ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত মানি লওক বুলি হুংকাৰ দিয়ে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই৷ আনহাতে ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে কাৰ্যালয়সমূহ বন্ধ হ’ব নালাগে বুলি কয়৷ বন্ধ হ’বলগীয়া ৰাজহ চক্ৰ বিষয়াৰ কার্যালয়সমূহ সমজিলাৰ কার্যালয়ৰ সৈতে সংলগ্ন কৰা হ’ব বুলি খবৰ প্ৰকাশ পাইছে। এই খবৰ ৰাজহুৱা হোৱাৰ লগে লগে ৰাজ্যজুৰি আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ। কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী, ছয়গাঁও, নগৰবেৰা, ছমৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়, কামৰূপ মহানগৰ জিলাত ছমৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়, মৰিগাঁও জিলাৰ মিকিৰভেটা, ভূৰগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়, নলবাৰী জিলাৰ ঘগ্ৰাপাৰ, পশ্চিম নলবাৰী, বৰভাগ, বানেকুছি ৰাজহ চক্ৰৰ কাৰ্যালয়, দৰং জিলাৰ পাথৰিঘাট, পূব মঙলদৈ ৰাজহ চক্ৰৰ কাৰ্যালয়, বঙাইগাঁও জিলাৰ দংতল, মাণিকপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়, বিশ্বনাথ জিলাৰ হেলেম ৰাজহ চক্ৰৰ কাৰ্যালয়, চৰাইদেউ জিলাৰ সাপেখাটি ৰাজহ চক্ৰৰ কাৰ্যালয়, ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ কাৰ্যালয়, ধুবুৰী জিলাৰ আগমণি, চাপৰ ৰাজহ চক্ৰৰ কাৰ্যালয়, ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় পশ্চি ৰাজহ চক্ৰৰ কাৰ্যালয়, গোৱালপাৰাত ৰংজুলি ৰাজহ চক্ৰৰ কাৰ্যালয়, গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ কাৰ্যালয়, হাইলাকান্দি জিলাৰ আলগাপুৰ, লালা ৰাজহ চক্ৰৰ কাৰ্যালয়, যোৰহাট জিলাৰ যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ কাৰ্যালয়, কৰিমগঞ্জ জিলাৰ বদৰপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়, লখিমপুৰ জিলাৰ কদম, সোৱণশিৰি ৰাজহ চক্ৰৰ কাৰ্যালয়, মাজুলী জিলাৰ উজনি মাজুলী ৰাজহ চক্ৰৰ কাৰ্যালয়, শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়, দক্ষিণ শালমাৰাৰ মানকাছৰ, দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ কাৰ্যাল, বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ কাৰ্যালয়, বৰপেটা জিলাৰ বাঘবৰ আৰু সৰ্থেবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ আনহাতে, এই খবৰ ভুৱা খবৰ আখ্যা দিছে ৰাজহ মন্ত্ৰী যোগেন মহনে৷ এটা সংবাদ প্ৰতিষ্ঠানত দিয়া মন্তব্যত মন্ত্ৰী যোগেন মহনে কয় ছ’চিয়েল মিডিয়াত ভুৱা খবৰ ওলাইছে৷ আমি মিছন বসুন্ধৰা তৃীয় সংস্কৰণ আঁচনি উদ্বোধন কৰিলো৷ ডিচেম্বৰলৈ কোনো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় বন্ধ নহয়৷ ডিচেম্বৰলৈ কাৰ্যালয়সমূহ যেনেদৰে চলি আছে তেনেকৈ চলি থাকিব৷ সমজিলা গঠন হোৱা কাৰ্যালয়ত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় থাকিব৷ কিন্তু আমি ডিচেম্বৰলৈ চাৰ্কোল অফিচ নাইকীয়া হৈ যাব বুলি কোনো সিদ্ধান্ত লোৱা নাই৷
নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে, নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ: মীৰা বৰঠাকুৰ
“মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন বিধি উলংঘা কৰা নাইনে ? নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে ? নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ ?” – এই প্ৰশ্ন প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ…