অসম সাহিত্য সভা: ১ম দিনাই প্ৰধান সম্পাদকৰ পদৰ বাবে দুজনৰ মনোনয়ন পত্ৰ সংগ্ৰহ…

আজিৰ পৰা আৰম্ভ হ’ল অসম সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া। আজি যোৰহাটস্থিত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ পৰা উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে বহুকেইজন ব্যক্তিয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে। প্ৰধান সম্পাদক পদৰ বাবে অজিত প্ৰসাদ শৰ্মা(গুৱাহাটী) আৰু ড৹ সঞ্জীৱ কুমাৰ শৰ্মা(গুৱাহাটী)ই মনোনয়ন পত্ৰ সংগ্ৰহ কৰে।

আনহাতে উপ-সভাপতি পদৰ বাবে নৰহৰি চুতীয়া(তেজপুৰ), ডাঃ বিপিন চন্দ্ৰ কলিতা (নলবাৰী), অজয় সিংহ (নাহৰকটীয়া), পদুম ৰাজখোৱা(নগাঁও) ড৹ অনিল কুমাৰ শইকীয়া(যোৰহাট)ই আজি মনোনয়ন পত্ৰ সংগ্ৰহ কৰে । অসম সাহিত্য সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতিয়ে এই কথা জানিবলৈ দিয়ে ৷

উপ-সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি ডাঃ বিপিন চন্দ্ৰ কলিতাই কয়, “আমি সকলোৰে সেৱা মনোভাৱেৰে আগবাঢ়ি যাব লাগিব ৷ অসম সাহিত্য সভাক গণমুখী কৰিব লাগিব আৰু শাখা পৰ্যায়লৈ লৈ যাব লাগিব । এই ক্ষেত্ৰত বিশেষকৈ নৱপ্ৰজন্মক সাহিত্য সভাৰ প্ৰতি আকৰ্ষিত কৰি তুলিবলৈ আমি কাৰ্য কৰিব লাগিব আৰু অসম সাহিত্য সভাৰ মজিয়াৰ পৰাই আমি সুস্থ বাৰ্তাবৰণ সমাজলৈ পঠিয়াম ।”

আনহাতে প্ৰধান সম্পাদক পদৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা অজিত প্ৰসাদ শৰ্মাৰ লগতে আন কেইবাজনো প্ৰাৰ্থীয়ে অসম সাহিত্য সভাৰ সংবিধানৰ কথা কৈ মন্তব্য দিয়া পৰা বিৰত থাকে ।

সভাৰ প্ৰধান সচিব অশোক কুমাৰ সেনাপতিয়ে জানিবলৈ দিয়া মতে, আজি অৰ্থাৎ ৩ নৱেম্বৰ আৰু ৪ নৱেম্বৰ মনোনয়ন পত্ৰ সংগ্ৰহৰ দিন ধাৰ্য কৰা হৈছে ৷ তেওঁলোকে এই মনোনয়ন পত্ৰসমূহ ৭ আৰু ৮ নৱেম্বৰত অসম সাহিত্য সভা গুৱাহাটীস্থ কাৰ্যালয়ত দাখিল কৰিব লাগিব ৷

  • Brahmaputra Times

    Related Posts

    যোৰহাটত অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস…

    যোৰহাট জিলা ছাত্ৰ পৰিষদ আৰু গোলাঘাট জিলা ছাত্র পৰিষদৰ উদ্যোগত যোৰহাটৰ অগপ জিলা কাৰ্যালয়ৰ বাকৰিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ…

    আঘোণৰ পথাৰে কন্দুৱাইছে কৃষকক…

    ৰাজ্যৰ প্ৰতিজন কৃষকে বছৰটোৰ বাবে সোণগুটি চপোৱাৰ সময়ত ডিব্ৰুগড় জিলাৰ খোৱাঙৰ এটা প্ৰান্তৰত নাই আঘোণৰ এই মাদকতা । আঘোণৰ পথাৰত চকুলো ওলাইছে কৃষকৰ। চৰহা পোকে সকলো সপোন কাঢ়ি নিলে কৃষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…