

শুকুৰবাৰে দিল্লীৰ ভাৰত মণ্ডপামত ৩দিনীয়া অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে দিল্লী আজি উত্তৰ-পূৰ্বাঞ্চলৰ দৰে হৈ পৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰময় ৰঙে ৰাষ্ট্ৰীয় ৰাজধানীত এক সুন্দৰ ৰামধেনুৰ সৃষ্টি কৰিছে। প্ৰথম অষ্টলক্ষ্মী মহোৎসৱত তিনিদিনৰ বাবে সমগ্ৰ দেশ আৰু বিশ্বই দেখা পাব উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনীয়তা। ইয়াত বাণিজ্য আৰু ব্যৱসায়ৰ সৈতে জড়িত চুক্তি হ’ব।
লগতে কয় যে,উত্তৰ-পূৰ্বাঞ্চলৰ উৎপাদিত সামগ্ৰীৰ সৈতে বিশ্ব পৰিচিত হ’ব। এইটোৱেই প্ৰথম আৰু অনন্য অনুষ্ঠান। ইয়াৰ ফলত উত্তৰ-পূবত বৃহৎ পৰিসৰত বিনিয়োগৰ দুৱাৰ মুকলি হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ বাবে এই সুযোগ। অষ্টলক্ষ্মী মহোৎসৱৰ আয়োজক, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাসিন্দা আৰু ইয়ালৈ অহা সকলো বিনিয়োগকাৰী আৰু অতিথিলৈ অভিনন্দন জনাইছো।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, যোৱা ১০০-২০০ বছৰত আমি পশ্চিমীয়া বিশ্বৰ উত্থান দেখিবলৈ পাইছো। পশ্চিমীয়া অঞ্চলে প্ৰতিটো অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক পৰ্যায়তে বিশ্বত নিজৰ চিন ৰাখিছিল। ভাৰততো দেশৰ উন্নয়ণ যাত্ৰাত পশ্চিম অঞ্চলে ডাঙৰ ভূমিকা পালন কৰিছে।