
দিল্লীবাসীয়ে আজি লাভ কৰিব নতুন মুখ্যমন্ত্ৰী। আম আদমী পাৰ্টীৰ নেত্ৰী আতিশী মাৰ্লেনাই আজি দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব। বিয়লি ৪.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত আতিশীৰ লগতে আন পাঁচগৰাকী নেতাইও মন্ত্ৰীৰূপে শপত ল’ব।
আতিশীৰ লগতে শপত ল’বলগীয়া মন্ত্ৰী কেইগৰাকী হৈছে ইমৰান হুছেইন, কৈলাশ গহলোট, গোপাল ৰায়, মুকেশ কুমাৰ আৰু সৌৰভ ভৰদ্বাজ।
উল্লেখ্য যে, অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত আম আদমী পাৰ্টিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছিল আতিশী। বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছত আতিশীয়ে নতুন চৰকাৰ গঠনৰ বাবে উপ-ৰাজ্যপালক সাক্ষাত কৰি শপত গ্ৰহণৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায়।
স্মৰ্তব্য যে, আতিশী হ’ব দিল্লীৰ তৃতীয় মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পূৰ্বে বিজেপিৰ সুষমা স্বৰাজ আৰু কংগ্ৰেছৰ শীলা দীক্ষিত মুখ্যমন্ত্ৰী আছিল। সুষমা স্বৰাজৰ কাৰ্যকাল অতি কম আছিল যদিও শীলা দীক্ষিত ১৫ বছৰ দিল্লীৰ মুখ্যমন্ত্ৰী আছিল।