অযোধ্যাৰ দীপোৎসৱঃ ২৫ লাখ চাকিৰে গঢ়িলে দুটাকৈ বিশ্ব অভিলেখ…

বুধবাৰে সন্ধিয়া উত্তৰ প্ৰদেশৰ অযোধ্যাত প্ৰায় ২৫ লাখ মাটিৰ চাকি একেলগে জ্বলোৱা হয় । অযোধ্যাৰ দীপোৎসৱৰ এই অষ্টম সংস্কৰণত দুটাকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপিত হয়। এই অভিলেখ দুটা হৈছে একেলগে সৰ্বাধিক লোকৰ ‘আৰতি’ প্ৰদৰ্শন আৰু সৰ্বাধিক সংখ্যক বন্তি প্ৰজ্জ্বলন ।

পবিত্ৰ চহৰ অযোধ্যাৰ সৰযু নদীৰ ‘ৰাম কী পেইড়ি’ ঘাটকে ধৰি ৫৫ টা ঘাটত এই বন্তিবোৰ স্থাপন কৰা হৈছিল । ইয়াত ২৫ লাখতকৈও অধিক মাটিৰ চাকি একেলগে জ্বলোৱা হৈছিল। আনহাতে,১১২১ গৰাকী ‘বেদাচাৰ্য’ই একেলগে ‘আৰতি’ প্ৰদৰ্শন কৰিছিল । চাকিৰ গণনাৰ বাবে ড্ৰোণ ব্যৱহাৰ কৰা হৈছিল।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণীকৰণৰ বাবে গিনিজ পৰামৰ্শদাতা নিচ্চল ভৰোটৰ সৈতে অযোধ্যাত উপস্থিত থকা গিনিজ প্ৰতিনিধি প্ৰবীণ পেটেলে বুধবাৰে সন্ধিয়া অযোধ্যাত এই নতুন অভিলেখ ঘোষণা কৰে ।

“উত্তৰ প্ৰদেশ পৰ্যটন, অযোধ্যা জিলা প্ৰশাসন আৰু সৰযু আৰতি সমিতিয়ে মুঠ ১১২১ গৰাকী লোকেৰে একেলগে আৰতি প্ৰদৰ্শন কৰি সৰ্বাধিকসংখ্যক লোকৰ আৰতি প্ৰদৰ্শনৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ দখল কৰিছে । অভিনন্দন !” পেটেলে এনেদৰে ঘোষণা কৰে ।

আনহাতে, দ্বিতীয়টো ৰেকৰ্ডৰ ক্ষেত্ৰত গিনিজ প্ৰতিনিধিগৰাকীয়ে কয়, “মুঠ ২৫,১২,৫৮৫ চাকিৰে উত্তৰ প্ৰদেশ পৰ্যটন, উত্তৰ প্ৰদেশ চৰকাৰ, অযোধ্যা জিলা প্ৰশাসন আৰু ডঃ ৰাম মনোহৰ লোহিয়া অৱধ বিশ্ববিদ্যালয়, আপোনালোকে তেলৰ চাকিৰ সৰ্ববৃহৎ প্ৰদৰ্শনৰ বাবে নতুন গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ খিতাপ দখল কৰিছে !”

  • Brahmaputra Times

    Related Posts

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজ নিজ বৈশিষ্ট তথা সুকীয়া পৰিচয় আছে। প্ৰতিখন ৰাজ্যৰ অন্তৰ্গত প্ৰতিখন চহৰৰ ঐতিহ্যই নিজ পৰিচয় বহন কৰে। ইয়াৰ মাজতে ভাৰতত এখন এনে চহৰ আছে য’ত ২০০ খনতকৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…