মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এন চি পি নেতা বাবা ছিদ্দিকীৰ হত্যাৰ গোচৰত লুধিয়ানাৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শনিবাৰে পঞ্জাব আৰক্ষীৰ প্ৰধান গৌৰৱ যাদৱে এই কথা জানিবলৈ দিয়ে। সুৰজিৎ সুশীল সিং নামৰ অভিযুক্তজনক পঞ্জাব আৰক্ষী আৰু মুম্বাই আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰা হয় । তেওঁক মুম্বাই আৰক্ষীৰ হাতত গতাই দিয়া হৈছে ।
পঞ্জাব আৰক্ষীৰ সঞ্চালক প্ৰধান যাদৱে এক্সৰ এটা পোষ্টত কয়, “এক গুৰুত্বপূৰ্ণ সফলতাত মুম্বাই আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ সৈতে এক যুটীয়া অভিযানত মুম্বাইৰ বাসিন্দা সুজিৎ সুশীল সিঙক আটক কৰে । তেওঁক বাবা ছিদ্দিকীৰ হাই প্ৰফাইল হত্যাকাণ্ডত বিচাৰি থকা হৈছিল ।”
“সুজিত হত্যাৰ ষড়যন্ত্ৰত জড়িত আছিল আৰু নিতিন গৌতন (গৌতম) চাপ্ৰে নামৰ আন এজন অভিযুক্তই তেওঁক তিনি দিন পূৰ্বে বাবা ছিদ্দিকীক হত্যাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিল । তেওঁ সা-সামগ্ৰী যোগান ধৰিও সহায় আগবঢ়াইছিল । তেওঁক অধিক তদন্তৰ বাবে মুম্বাই আৰক্ষীক গতাই দিয়া হৈছে ।” তেওঁ কয় ।