গুজৰাটৰ কেৱাডিয়াত দেশৰ লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। আজি সমগ্ৰ দেশে স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ পেটেলৰ এই জন্ম জয়ন্তী উপলক্ষে কেৱাডিয়াত কেন্দ্ৰীয় অনুষ্ঠান আয়োজন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে পুৱা কেৱাডিয়াত আয়োজিত ‘ৰাষ্ট্ৰীয় একতা দিৱস’ পেৰেডত অংশগ্ৰহণ কৰে ।
“ভাৰত ৰত্ন চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত তেওঁলৈ মোৰ অভিবাদন । ৰাষ্ট্ৰৰ ঐক্য আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাটো তেওঁৰ জীৱনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ আছিল । তেওঁৰ ব্যক্তিত্ব আৰু কামে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।” প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয় ।
আনহাতে, একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে একতাৰ শপত গ্ৰহণ কৰে আৰু গুজৰাটৰ ‘ষ্টেচু অব ইউনিটী’ত পুষ্পাঞ্জলি অৰ্পণ কৰি চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত আয়োজিত একতা দিৱসৰ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকলে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীক ‘ৰাষ্ট্ৰীয় একতা দিৱস’ হিচাপে উদযাপন কৰা হয় ।