অসম চুক্তিৰ ৬নং দফাক সমৰ্থন জনাই আছুলৈ পত্ৰ বৰাকৰ খিলঞ্জীয়া সংগঠনৰ

ডিজিটেল সংবাদঃ বৰাক উপত্যকাত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে বিভিন্ন খিলঞ্জীয়া সংগঠনে।বৰাক উপত্যকাৰ বিভিন্ন খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীয়ে অসম চুক্তিৰ ৬ নং দফাক পূৰ্ণ সমৰ্থন জনাই এই দাবী উত্থাপন কৰিছে সংগঠন কেইটাই ।

‘আছু’ৰ কাছাৰ জিলা সমিতিৰ আহ্বানত বুধবাৰে অসম সাহিত্য সভাৰ শিলচৰ শাখাৰ কাৰ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এক সভাত এই অসম চুক্তিৰ ৬ নং দফাক সমৰ্থন কৰাৰ লগতে বৰাকৰ খিলঞ্জীয়া সকলৰ মাটি ভেটি,ভাষা, কৃষ্টি সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত বৰাকত ৬ নং দফা কাৰ্যকৰী কৰিবলৈ আছুৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে চৰকাৰক দাবী জনায় সংগঠন কেইটাই।‌

সভাত বৰাক উপত্যকাৰ বিভিন্ন খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰি অসম চুক্তিৰ ৬ নং দফাক সমৰ্থন কৰে।‌ সভাৰ অন্তত: সৰ্ব সন্মতি ক্ৰমে সদৌ অসম ছাত্ৰ সন্থা (আছু)লৈ এখন পত্ৰ প্ৰেৰণ কৰা হয়। আছুৰ সভাপতিলৈ প্ৰেৰণ কৰা পত্ৰখনত অসমীয়া জনগোষ্ঠী, বৰাক উপত্যকাৰ বিভিন্ন খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীৰ সদস্যসকলৰ সুৰক্ষাৰ বাবে ৬ নং দফা কাৰ্যকৰী কৰাৰ দাবী জনোৱা হয়।‌

২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত পোহৰলৈ অহা অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদনখন অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষাৰ বাবে বহুদিনৰ পৰা চেষ্টা চলাই অহাৰ লগতে অসমৰ বিভিন্ন জনসংখ্যাৰ বৈচিত্ৰ্যপূৰ্ণ জনসংখ্যাৰ মাজত ভাৰসাম্য ৰক্ষা কৰা বুলিও সংগঠন কেইটাই মন্তব্য কৰে।

ৰাজ্যখনৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ষ্মাৰকত উল্লেখ কৰি সংগঠন কেইটাৰ নেতৃত্বই মন্তব্য যে বিগত সময়ত বৃহৎ পৰিসৰৰ অনিয়মিত প্ৰব্ৰজনে তেওঁলোকৰ অস্তিত্বৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছিল, যাৰ ফলত অসমীয়া মানুহৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰতি উদ্বেগ সৃষ্টি হৈছে।

কিন্তু সুখৰ খবৰ এয়ে‌ যে ন্যায়াধীশ বি.কে.শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে প্ৰস্তুত কৰা প্ৰতিবেদনত পৰামৰ্শসমূহ কঠোৰভাৱে কাৰ্যকৰী কৰা হৈছে। বৰাক উপত্যকাত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠী সমুহ সংখ্যা লঘু। কিন্তু তেওলোক ইয়াত যুগ যুগ ধৰি প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি বসতি স্থাপন কৰি আহিছে। এই লোকসকলে প্ৰত্যেকেই নিজস্ব সংস্কৃতি, পৰম্পৰা, ভাষা আৰু জীৱনশৈলীত অনন্য।

সংগঠন কেইটাৰ মতে, তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তা আছুৰ দৰে জাতীয় সংগঠনে শীৰ্ষ অগ্ৰাধিকাৰ দিব লাগে। সেয়েহে নিৰ্দ্বিধায় বৰাক উপত্যকাত অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে কাৰ্যকৰী কৰা হওক বুলি আছুৰ প্ৰতিড়আবেদন জনাইছে সংগঠন কেইটাৰ নেতৃত্বই।

যাতে বৰাক উপত্যকাৰ খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীয়ে এই ঐতিহাসিক চুক্তিৰ সুবিধা লাভ কৰিব পাৰে। সভাত কোচ ৰাজবংশী, ডিমাছা, চৰাই জনগোষ্ঠী, পাটনী জনগোষ্ঠী, কছাৰী মুছলিম,মনিপুৰী, ৰেঙকে ধৰি বিভিন্ন স্থানীয় জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। প্ৰেৰণ কৰা ষ্মাৰক পত্ৰত উপস্হিত খিলঞ্জীয়া প্ৰায় ১৯ টা সংগঠনৰ নেতৃত্বই স্বাক্ষৰ‌ কৰে।

  • Brahmaputra Times

    Related Posts

    উৎসৱৰ বতৰত উদণ্ড যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ সাজু ‘এণ্টি ৰোমিঅ’ স্কোৱাড’…

    ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ সময়ত বৃদ্ধি পোৱা ৰোমিঅ’সকলক নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা হৈছে এণ্টি ৰোমিঅ’ স্কোৱাড।শিলচৰ আৰক্ষীয়ে গঠন কৰিছে এই এণ্টি ৰোমিঅ’ স্কোৱাড। যুৱতী, মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু উদণ্ড যুৱকক…

    মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

    কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গেক তীব্ৰ সমালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি হাইলাকান্দিত এক দলীয় সভাত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ