ৰাজ্যিক কেবিনেটঃ আহি আছে বসুন্ধৰা ৩.০

ডিজিটেল ডেস্কঃ আজিৰ ৰাজ্যিক কেবিনেটত ভূমি সংক্ৰান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত দিছপুৰৰ লোক সেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক । বৈঠকৰ অন্তত কেবিনেটত লোৱা সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই । আজিৰ কেবিনেটত বসুন্ধৰা ৩.০ প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হয় ।

  • অহা ১৯ অক্টোবৰত বসুন্ধৰা ৩.০ শুভাৰম্ভ কৰা হ’ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বসুন্ধৰা ৩.০ ।
  • বসুন্ধৰা ২.০ত নাকচ হোৱাসকলে বসুন্ধৰা ৩.০ আবেদন কৰিব পাৰিব ।
  • বসুন্ধৰা ৩.০ত ভূমি পট্টনৰ ক্ষেত্ৰত যথেষ্ট সুবিধা দিয়া হৈছে ।
  • বসুন্ধৰা ৩.০ শিক্ষানুষ্ঠান তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠাক দান দিয়া ভূমিৰ পট্টা দিয়া হ’ব ।
  • নগৰ অঞ্চলৰ ৰায়তীসকলক মাটিৰ পট্টা দিয়া হ’ব ।
  • চাহ ম্যাদী হৈ থকা মাটিত পট্টা দিয়া হ’ব । ২০২২ চনৰ পূৰ্বে থকা লোকসকলক এই পট্টা দিয়া হ’ব ।
  • ভূ-দান আৰু গ্ৰাম-দান মাটিৰ ক্ষেত্ৰত পট্টা দিয়া হ’ব ।
  • এতিয়াৰে পৰা মাটিৰ শ্ৰেণী পৰিৱৰ্তনত বাধা নাথাকিব । আগতে মাটিৰ শ্ৰেণী পৰিৱৰ্তন এবাৰ হৈছিল । এতিয়াৰে পৰা যিকোনো ক্লাছৰ ভূমি যিকোনো ক্লাছলৈ নিব পাৰিব । এইক্ষেত্ৰত যথেষ্ট শিথিলতা অনা হৈছে ।
  • বসুন্ধৰা ৩.০ৰ যোগেদি সকলোকে একচনীয়া পট্টাৰ পৰা মুক্ত কৰা হ’ব । একচনীয়া মাটিৰ ম্যাদী পট্টা দিয়া হ’ব । গাঁৱত প্ৰতি বিঘা ভূমিত ৪৫০ টকা আৰু চহৰত ভূমিৰ মূল্যৰ এক শতাংশ প্ৰিমিয়াম দি ম্যাদী পট্টা কৰিব পাৰিব ।
  • ৰাজ্যত ১০৫২ খন গাঁও জৰীপ নোহোৱাকৈ আছে । সেইসমূহ গাঁৱৰ জৰীপ কৰা হ’ব । ইয়াৰে ৮৬১ খন গাঁৱৰ জৰীপ কৰা হৈছে । ৩০ খন গাঁৱৰ চেটেলমেণ্ট হৈছে । বাকীখিনি শীঘ্ৰেই জৰীপ কৰা হ’ব । জৰীপ সম্পূৰ্ণ হ’লে সংশ্লিষ্ট সকলোৱে ভূমিৰ স্বত্ব লাভ কৰিব ।
  • ভূমিৰ ক্ষেত্ৰত পঞ্জীয়ন নকৰি ডিজিটেলী কৰা হ’ব । ইয়াৰ দ্বাৰা নথিখন প্ৰমাণ হিচাপে থাকিব । ডিজিটেল নথিখনেই প্ৰমাণ হিচাপে গণ্য কৰা হ’ব ।
  • ক্ষুদ্ৰ চাহ খেতিয়কক ৭৫ বিঘালৈ মাটি এহাজাৰ টকাকৈ প্ৰিমিয়াম দি চমজাই দিয়াৰ ব্যৱস্থা বাহাল থাকিব । আনহাতে ৰবৰ আৰু কফিৰ খেতি কৰাসকলে বিঘাই প্ৰতি ৫ হাজাৰ টকাৰ প্ৰিমিয়াম দি মাটিৰ স্বত্ব ল’ব পাৰিব ।
  • বসুন্ধৰা ৩.০ত কাৰ্যকৰী হ’ব এই সকলো ব্যাৱস্থা ।
  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে