৩০টা জনগোষ্ঠীয় সংগঠনক বিৰোধী ঐক্য মঞ্চৰ সৈতে আলোচনাত মিলিত হোৱাৰ আহ্বান ভূপেন বৰাৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ  অসমৰ জাতীয় সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিব বিৰোধী ৰাজনৈতিক দলসমূহে৷ আজি এক বিবৃতিত বিৰোধী ঐক্য মঞ্চ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই এই কথা জানিবলৈ দিয়ে৷ বৰাই কয় যে ৰাজ্যখনৰ মূল সমস্যাসমূহৰ পৰা মানুহৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰি আহিছে আৰু ইয়াৰ ফল সৰ্বসাধাৰণ ৰাইজে ভূগিবলগীয়া হৈছে৷

কংগ্ৰেছ দলে অসমৰ জাতি-জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধান হোৱাতো বিচাৰিছে আৰু সেই বাবেই ৩০টা জনগোষ্ঠীয় সংগঠনে কেনেধৰণৰ দৃষ্টিভংগীৰে সমস্যা সমাধন হোৱাতো বিচাৰিছে সেই সন্দৰ্ভত আলোচনা কৰিবলৈ বিৰোধী দলসমূহে প্ৰচেষ্টা চলাব৷ বিৰোধী দলসমূহে জনগোষ্ঠীয় সংগঠনসমূহৰ লগত তেওঁলোকৰ সময়-সুবিধা মতে, আলোচনা কৰিবলৈ প্ৰস্তুত বুলি জানিবলৈ দিয়ে৷

কংগ্ৰেছ দলে অসমৰ জনজাতীয় লোকসমূহৰ কৃষ্টি, সংস্কৃতি সংৰক্ষণ আৰু সামগ্ৰিক বিকাশৰ বাবে জনজাতীয় এলেকাসমূহত ট্ৰাইবেল বেল্ট আৰু ব্লকৰ সৃষ্টি কৰিছিল আৰু গোপীনাথ বৰদলৈৰ নেতৃত্বত ভীমবৰ দেউৰী আৰু লোকনাথ ব্ৰহ্মৰ সহযোগিতাত এই মহান কাৰ্য সম্পন্ন কৰিছিল৷ কংগ্ৰেছ দলে এতিয়াও জনজাতীয়, খিলঞ্জীয়া, ভূমিপত্ৰ, থলগিৰিসকল যাতে সুৰক্ষিত তাৰ বাবে প্ৰচেষ্টা লৈ আহিছে৷ বৰ্তমানৰ চৰকাৰখনেহে ট্ৰাইবেল বেল্ট আৰু ব্লক সুৰক্ষিত কৰিব পৰা নাই৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ তেওঁলোকে প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে৷

অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো ৯ বছৰ শাসন চলোৱা বিজেপি চৰকাৰ ব্যৰ্থ হৈছে৷ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাখন ২০২৬ চনৰ নিৰ্বাচনী প্ৰস্তুতিৰ কেন্দ্ৰ বিন্দু কৰিব খুজিছে৷ ৰাজ্যখনৰ জ্বলন্ত সমস্যাসমূহ তেখেতে বিধানসভাত আলোচনা কৰিবৰ বাবে সময় আৰু সুযোগ নিদিয়ে৷ ১২,৬৩২টা পদৰ বাবে ৩২ লাখ নিবনুৱা যুৱক-যুৱতীয়ে আবেদন কৰিছে আৰু এই নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছত ৩১ লাখ ৮৮ হাজাৰ নিবনুৱা যুৱক-যুৱতী চাকৰিৰ পৰা বঞ্চিত হ’ব৷ কংগ্ৰেছ দলৰ বিধায়কসকলে বিধানসভাত সেই সমস্যাসমূহ উপস্থাপন কৰাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে অন্য প্ৰসংগৰে বিশেষকৈ সাম্প্ৰদায়িক কথা-বতাৰৰে বিধানসভা মূল বিষয় তল পেলাই আহিছে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ষড়যন্ত্ৰৰে ৰাজ্যখনৰ জ্বলন্ত সলমস্যাসমূহৰ পৰা ৰাইজৰ দৃষ্টিভংগী আঁতৰাই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব খুজিছে৷ মুখ্যমন্ত্ৰীক আজমলৰ দৰে এজন ৰাজনৈতিক নেতা লাগে৷ যিয়ে অসমৰ পৰিৱেশ সাম্প্ৰদায়িকতাৰে সদায় কলুষিত কৰি ৰাখিব পাৰে৷ ইফালে আন এক বিবৃতিত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই উল্লেখ কৰে যে, তেওঁ ৩০টা জনগোষ্ঠীয় সংগঠনৰ বিৰুদ্ধে কোনো অপমানসূচক মন্তব্য আগবঢ়োৱা নাই৷

বিধানসভাৰ কাৰ্যবিৱৰণী অধ্যয়ন কৰিলেই এই কথা স্পষ্ট হৈ পৰিব৷ তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱৰ লগতে কোনো ধৰণৰ সংবাদমেলত অংশগ্ৰহণ কৰি মন্তব্য দিয়া নাই বুলিও দেবব্ৰত শইকীয়াই বিবৃতিটোত প্ৰকাশ কৰিছে৷ ৩০টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিয়ে বিষয়টো পৰ্যালোচনা কৰি ভুল বুজাবুজি আঁতৰ কৰিব বুলি শইকীয়াই আশা প্ৰকাশ কৰে৷ ৩০টা জনগোষ্ঠীয় সংগঠনক অৱজ্ঞা কৰা অথবা অপমান কৰা হ’লে ক্ষমা খুজিবলৈ সাজু আছে বুলিও শইকীয়াই কয়৷

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ