কংগ্ৰেছে কেতিয়া চূড়ান্ত কৰিব প্ৰাৰ্থী তালিকা ?

ডিজিটেল ডেস্কঃ  অসমৰ পাঁচটা বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ সৈতে দেশৰ ৪৮ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে ।দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । অসমত ১৩ নবেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই কয়, “প্ৰদেশ কংগ্ৰেছ বহুদিনৰ পৰাই উপ-নিৰ্বাচনৰ বাবে সাজু হৈ আছে । কিন্তু অত্যন্ত দুখ আৰু দুৰ্ভাগ্যৰ কথা যে উপ-নিৰ্বাচন ঘোষণা হোৱাৰ দিনটোতে ৰাজ্যখনৰ আইন-শৃংখলাৰ অৱনতি আৰু পুলিচৰ নিয়ন্ত্রণহীন অৱস্থা প্ৰকাশ পাইছে । চামগুৰিত কংগ্ৰেছৰ শান্তিপূৰ্ণ সমদলত বিজেপিৰ কৰ্মীয়ে আক্ৰমণ কৰিছে । এইটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক জংঘলৰাজলৈ পৰিৱৰ্তিত কৰিব বিচৰা হৈছে । সেইবাবে মই ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাইছো যে শান্তি অব্যাহত ৰখাৰ স্বাৰ্থত নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীক শাস্তিমূলক বদলি দিব লাগে । কাৰণ কংগ্ৰেছৰ সমদলত ঢাল-তৰোৱাল, যাঠি-জোং, লাঠি লৈ দিন-দুপৰতে আক্ৰমণ কৰাৰ বিজেপিৰ গুণ্ডাবিলাকে সাহস ক’ত পাইছে ? কাইলৈ জাকিৰ হুছেইন শিকাদাৰৰ নেতৃত্বত আমাৰ এটা দলে মুখ্য সচিবক সাক্ষাৎ কৰি নগাঁৱৰ এছ পিক শীঘ্ৰে বদলিৰ বাবে স্মাৰকপত্র দিব । বিজেপিৰ এই আক্ৰমণত আমাৰ শিৱামণি বৰা আহত হৈছে । বিজেপিৰ গুণ্ডাগিৰি ৰাজনীতি অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে ।”

উপ-নিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাই কয়, “পাঁচটা সমষ্টি চামগুৰি, বিহালী, ধলাই, বঙাইগাঁও আৰু চিদলীৰ বাবে আমি পাঁচখন কমিটী কৰি দিছিলো । ইয়াৰে তিনিখন কমিটীয়ে প্ৰাৰ্থিত্বকেন্দ্ৰিক প্ৰতিবেদন আমাক দিছে । প্ৰদ্যুৎ বৰদলৈ আৰু জাকিৰ হুছেইন শিকদাৰে আজি নিশালৈ প্ৰতিবেদন দিব । কাতি বিহুৰ আগদিনা নাইবা পিছদিনা প্ৰাৰ্থিত্বকেন্দ্ৰিক সিদ্ধান্ত আমি চূড়ান্ত কৰিম । আনহাতে অসম সন্মিলিত মঞ্চৰ মাজতো আলোচনা চলি আছে । অখিল গগৈয়ে বঙাইগাঁৱৰ ক্ষেত্রত উত্থাপন কৰা দাবী সন্দৰ্ভত আলোচনা হৈছে আৰু এটা ভাল বুজাবুজি হৈছে । সেইদৰে বিহালীৰ ক্ষেত্রত আমাৰ দলৰো কেইবাগৰাকী প্ৰাৰ্থী আছে আৰু চি পি আই এম এল দলেও প্ৰাৰ্থিত্ব বিচাৰি আছে । গতিকে জীতেন্দ্ৰ সিঙৰ উপস্থিতিত আমাৰ দলৰ পাঁচগৰাকী নিৰ্বাচনী কমিটীৰ অধ্যক্ষৰ লগত আলোচনা হ’ব । গৌৰৱ গগৈ বিহালীৰ দায়িত্বত আছে । দলৰ উপৰি অসম সন্মিলিত মঞ্চৰ লগত আলোচনা হ’ব । তাতেই প্ৰাৰ্থিত্বকেন্দ্ৰিক বিষয়টোৰ চূড়ান্ত ৰূপ দিয়া হ’ব । ১৯ অক্টোবৰৰ বিয়লিলৈ এইক্ষেত্রত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি আমি আশা কৰিছো ।”

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক