একমাত্ৰ বিহালী সমষ্টিক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু মনোমালিন্যৰ বাবে আজি ‘অ.স.ম.’ৰ সভাপতিৰ পদ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। অসম সন্মিলিত মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈলৈ দিয়া পত্ৰখনত ভূপেন বৰাই উল্লেখ কৰা কথাখিনি এনেধৰণৰ-
“আপুনি জানে যে অসম সন্মিলিত মৰ্চাৰ এখন সভা ১৮ অক্টোবৰত গুৱাহাটীত এ আই চি চিৰ সাধাৰণ সম্পাদকৰ উপস্থিতিত অনুষ্ঠিত হৈছিল । সভাত এ আই চি চিৰ সাধাৰণ সম্পাদকৰ দ্বাৰা পাঁচজনীয়া সদস্যৰ এখন সমিতি গঠন কৰি দিয়া হৈছিল ।
যিখন সমিতিয়ে বিহালী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থী মনোনীত কৰিব আৰু এ আই চি চিৰ দ্বাৰা সেয়া মানি লোৱা হ’ব । য’ত চি পি আই এম এলে প্ৰাৰ্থিত্ব দাবী কৰিছিল । অৱশ্যে এতিয়ালৈকে পাঁচজনীয়া সমিতিৰ পৰামৰ্শ এ আই চি চিৰ সাধাৰণ সম্পাদকে গ্ৰহণ কৰা নাই ।
মঙলবাৰে বিৰোধী ঐক্যই এখন সভা আহ্বান কৰি এ পি চি চিক বুধবাৰৰ পুৱা ১০ বজাৰ ভিতৰত বিহালী সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কয় । মই পাঁচজনীয়া সমিতিক তেওঁলোকৰ পৰামৰ্শ পুনৰ বিবেচনা কৰিবলৈ চেষ্টা কৰি আছো, কিন্তু তেওঁলোকে তেনে কৰিবলৈ অস্বীকাৰ কৰিছে আৰু তাৎক্ষণিকভাৱে দাবী কৰিছে এ আই চি চিৰ পৰা নিশ্চিতকৰণ ।
সিদ্ধান্তটো বলবৎ কৰাৰ বাবে মোৰ ওপৰত প্ৰচণ্ড চাপ পৰিছে, যিটো মই কাৰ্যকৰী কৰিবলৈ সক্ষম নহয় । এনে পৰিস্থিতিত অসম সন্মিলিত মৰ্চাৰ সভাপতি পদ ত্যাগ কৰাৰ বাহিৰে মোৰ ওচৰত আন কোনো বিকল্প নাই । অনুগ্ৰহ কৰি মন কৰিব যে ৰাহুল গান্ধীয়ে তেওঁৰ অসম যাত্ৰাৰ সময়ত মেঘালয়ত উত্তৰ-পূব কংগ্ৰেছ সমন্বয় সমিতিৰ বৈঠকত বিৰোধী ঐক্যৰ ওপৰত বিশেষ জোৰ দিছিল ।”
উল্লেখযোগ্য যে, বিজেপিক প্ৰতিহত কৰাৰ বাবে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ একেলগে যুঁজাৰ সংকল্প লৈছিল ১৮ টাকৈ বিৰোধী ৰাজনৈতিক দলে ।