দীঘলীপুখুৰীৰ পাৰত ১০ হাজাৰ বন্তি প্ৰজ্বলনেৰে ভূপেন দাক স্মৰণ…

আজিৰ পৰা ১৩ বছৰ পূৰ্বে আজিৰ দিনটোতেই অসমবাসীৰ বাবে সেই অনাকাংখিত খবৰটো আহিছিল। অসমী আইৰ বুকু সুদা কৰি চিৰদিনৰ বাবে বিদায় লৈছিল মৰমৰ ভূপেন দাই । আজি সেইগৰাকী বিশ্ববৰেণ্য শিল্পী ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী।  সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰে শিল্পীগৰাকীক ।

মঙলবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰ অন্তত দীঘলীপুখুৰীত সুধাকণ্ঠক স্মৰণ কৰি সদৌ অসম ছাত্ৰ সন্থাই সন্ধিয়া বিশ্ব বৰেণ্য শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই ১০ হাজাৰ বন্তি প্ৰজ্বলন কৰে । উক্ত কাৰ্যসূচীত আছুৰ কৰ্মকৰ্তাসকলৰ লগতে অংশগ্ৰহণ কৰে সাধাৰণ ৰাইজেও ।

আনহাতে, জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিস্থলীত ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতিচাৰণ আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় । সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে বিত্ত মন্ত্ৰী অজন্তা নেওগ, সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন সাংসদ কুইন ওজা, বিশিষ্ট সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস সহিতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

ইফালে দিনৰভাগত মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন সদৌ অসম ছাত্ৰ সন্থাৰ । উক্ত অনুষ্ঠানত উপস্থিত থাকি আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ সন্মুখত কয়,”ভূপেন দাই নিজ হাতেৰে উন্মোচন কৰা এইটো মূৰ্তি আৰু তাতেই আহি আজি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ । ভূপেন হাজৰিকা অসমৰ জাতীয়-জীৱনৰ সদায় আত্মা হৈ ৰ’ব ।”

  • Brahmaputra Times

    Related Posts

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰি নিলম্বিত ৫ ACS বিষয়া…

    ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক আনজন নিলম্বিত ACS বিষয়া…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…