ডিব্ৰুগড়ৰ বগীবিলত পুনৰ আন এখন দলং নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । ১২ হাজাৰ কোটি ব্যয়ৰে নিৰ্মাণ হ’ব ডিব্ৰুগড়-ধেমাজি সংযোগ কৰা বগীবিলৰ দ্বিতীয়খন দলং । ডিব্ৰুগড়ত এই কথা আনুষ্ঠানিকভাৱে জনাই বিধায়ক প্ৰশান্ত ফুকনে ।
এই সন্দৰ্ভত বিধায়ক প্ৰশান্ত ফুকনে কয়,”ডিব্ৰুগড়ৰ চ্যুকাফা ভৱনৰ পৰা বগীবিল দলঙৰ পথছোৱা চাৰিলেনযুক্ত কৰি নিৰ্মাণ কৰা হ’ব । বৰ্তমানৰ পথছোৱাৰ পৰা দুয়োফালে পথ বহলাই চাৰিলেনযুক্ত কৰা হ’ব । ফলত ডিব্ৰুগড়ৰ বগীবিলত বগীবিল দলঙৰ সমান্তৰালকৈ ডিব্ৰুগড়-ধেমাজি সংযোগী আন এখন দলং নিৰ্মাণ হ’ব ।”
তেওঁ লগতে কয়,”১২ হাজাৰ কোটি ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া দলঙৰ কাম প্ৰায় আৰম্ভ হোৱাৰ পথত । পূৰ্বৰ বগীবিল দলঙৰ সমান দৈৰ্ঘৰ নিৰ্মাণ হ’ব যদিও নতুন দলঙত নাথাকে ৰে’লপথ । কেৱল পথ যোগাযোগৰ বাবে নিৰ্মাণ হ’ব । দলংখনৰ নিৰ্মাণ পূৰ্বৰখনৰ তুলনাত ধন কম খৰচ হ’ব ।”